মহানগৰীৰ পশ্চিম বৰাগাঁৱত এঘৰ মানুহৰ ঘৰৰ ৰান্ধনিশালত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। আন্তিমা গুপ্তা নামৰ মহিলাগৰাকীক স্বামী সন্তোষ গুপ্তাই হত্যা কৰি লুকুৱাই ৰখাৰ অভিযোগ উত্থাপন হৈছে।
জানিব পৰা মতে, যোৱা বুধবাৰে পত্নী নিখোজ হোৱা সন্দৰ্ভত গড়চুক থানাত এখন এজাহাৰ দাখিল কৰিছিল সন্তোষ গুপ্তাই। আৰক্ষীয়ে এই এজাহাৰৰ ভিত্তিত অভিযান আৰম্ভ কৰাৰ সময়তে বৃহস্পতিবাৰে সন্তোষ গুপ্তাৰ ঘৰত ভাড়াতিয়া হিচাপে থকা দেৱযানী দাস নামৰ মহিলাগৰাকীয়ে তেওঁৰ ভাড়াঘৰৰ ৰান্ধনিশালত আন্তিমা গুপ্তাৰ মৃতদেহটো সন্তোষ গুপ্তাই লুকুৱাই ৰখা বুলি অভিযোগ কৰে। তাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।
ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সন্তোষ গুপ্তাক গ্ৰেপ্তাৰ কৰাৰ লগতে দেৱযানী দাস আৰু তেওঁৰ স্বামীক সোধা-পোছাৰ বাবে আটক কৰিছে। জানিব পৰা মতে সন্তোষ গুপ্তা পেছাত এগৰাকী চাৰ্টাৰ একাউণ্টেন্ত।
