গুৱাহাটীঃ আই পি এলৰ জুৱাখেলৰ সৈতে জড়িত থকাৰ অভিযোগত অসম আৰক্ষীৰ অপৰাধ শাখাই মঙ্গলবাৰে মহানগৰীৰ পৰা তিনিজন হাই প্ৰফাইল জুৱাৰীক গ্ৰেপ্তাৰ কৰে।
খবৰ অনুসৰি, সহকাৰী আৰক্ষী আয়ুক্ত নোমল মাহাতোৰ নেতৃত্বত ক্ৰাইম ব্ৰান্সৰ এটা দলে গোপন খবৰৰ ভিত্তিত অভিযান চলাই জুৱাৰী কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত জুৱাৰী কেইজনৰ পৰিচয় ক্ৰমে- দীপেশ বাজোৰিয়া, ৰৌনক বাজোৰিয়া আৰু ৰাজেশ জৈন বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে জনোৱা অনুসৰি, জুৱাৰীসকলৰ বিবৃতিৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে আই পি এল বেটিংৰে জড়িত জুৱাৰীসকলৰ এক দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে, যাৰ ভিতৰত আছে হাই প্ৰফাইল ব্যক্তিৰ নাম।
“আমি শীঘ্ৰেই জুৱাৰ গোচৰৰ সৈতে জড়িত সকলো অভিযুক্তক গ্ৰেপ্তাৰ কৰিম,” আৰক্ষীয়ে কয়।
ইফালে গ্ৰেপ্তাৰৰ পিছতে অভিযুক্তসকলক স্বাস্থ্য পৰীক্ষাৰ বাবে মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়লৈ লৈ যোৱা হয়। তাৰ পিছত অধিক জেৰাৰ বাবে অপৰাধ শাখাৰ কাৰ্যালয়লৈ লৈ যোৱা হয়।