মহানগৰীত কণ্টেইনমেণ্ট জ’ন ঘোষণা এটা অঞ্চল…

84

মহানগৰীত পুনৰ বৃদ্ধি পোৱা কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰূপনগৰৰ এটা অঞ্চলত ৭ দিনৰ বাবে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে জিলা প্ৰশাসনে। জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া কণ্টেইনমেণ্ট জ’নৰ পৰিসৰ হৈছে উত্তৰে ASTC কৰ্মশালা, দক্ষিণে GMC পথ, পূবে শ্ৰীমন্তপুৰ পথ আৰু পশ্চিমে ৰূপনগৰ মূল পথ।

কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা এই অঞ্চলটোত অন্য লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে প্ৰশাসনে। উল্লেখ্য যে, ৰাজ্যত কোভিড পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰিত হলেও কামৰূপ মহানগৰত কোভিড সংক্ৰমণ বিগত সপ্তাহৰ তুলনাত কিছু বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।