মহানগৰীত উৎখাত বৃহৎ জালনোট চক্ৰ, ৪ জনক আটক

252

গুৱাহাটীঃ মঙলবাৰে গুৱাহাটীত নগাঁও আৰক্ষীৰ এটা দলে উৎখাত কৰিবলৈ সক্ষম হয় এটা জাল নোটৰ চক্ৰ।

নগাঁও আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই জাল নোট চক্ৰটোৰ পৰা বিশাল পৰিমাণৰ ভাৰতীয় জাল নোট উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে হাতীগাঁও অঞ্চলত অভিযান চলাই জব্দ কৰে জাল নোট খিনি।

অভিযান কালত আৰক্ষীয়ে প্ৰিন্টিং মেচিনৰ লগতে ২০ লাখ টকাৰ ভুৱা নোট উদ্ধাৰ কৰে।

অভিযানত এগৰাকী মহিলাসহ চাৰিজন লোকক আটক কৰা হয়।

ধৃত ব্যক্তি কেইজন হৈছে মফিজুল ইছলাম, ছাদ্দিকুল ইছলাম, ছাদ্দিকুল ইছলাম, আৰু ৰীমা বৈশ্য।

উল্লেখ কৰিব পাৰি যে দেশৰ কিছুমান বিশেষ অঞ্চলত ভুৱা নোট এটা ডাঙৰ চিন্তাৰ বিষয় হৈ আহিছে। প্ৰায়ে এনে অপৰাধৰ সৈতে জড়িত গেংবোৰৰ মাজত সীমা অতিক্ৰম কৰি সম্পৰ্ক থাকে।