মহানগৰীত আবকাৰী বিভাগৰ অভিযানত চুলাইৰ ভাটী উচ্ছেদ, তিনিজনক আটক

54

গুৱাহাটী:- আবকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ গুৱাহাটী সদৰ চক্ৰই লকডাউন – আনলকৰ মাজতো মহানগৰীত দেশী-বিদেশী অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই আহিছে ।

আজি কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক দেৱজিৎ নাথ আৰু উপ আবকাৰী অধীক্ষক অনন্ত কলিতাৰ নেতৃত্বত গুৱাহাটী সদৰ আবকাৰী চক্ৰই গীতা মন্দিৰৰ সমীপৰ বৈকুণ্ঠনগৰ আৰু উলুবাৰী কছাৰীবস্তীত চুলাই মদ বিক্ৰী আৰু প্ৰস্তুত কৰা ভাটীত এক বৃহৎ অভিযান চলায় ।

অভিযান কালত সৰু-বৰ কেইবাটাও চুলাই প্রস্তুত কৰা ভাটী ধ্বংস কৰাৰ লগতে চুলাই প্ৰস্তুত কাৰ্যত ব্যৱহৃত ৪,০০০ লিটাৰ পাছ, প্ৰায় ৩২০ লিটাৰ চুলাই মদ আৰু চুলাই প্ৰস্তুত কাৰ্যত ব্যৱহৃত ১৪ যোৰ বিভিন্ন সা-সৰঞ্জাম জব্দ কৰা হয়। অভিযানত দুজন সুৰা বিক্রেতা আৰু এজন সুৰাপায়ীসহ তিনিজনক আটক কৰা হয়।