মহানগৰীত আবকাৰী অভিযান, ১৭টা চুলাইৰ ভাটী উচ্ছেদ

85

গুৱাহাটী:- আবকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ গুৱাহাটী সদৰ চক্ৰই লকডাউন-আনলকৰ মাজতো মহানগৰীত দেশী -বিদেশী অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই আহিছে। আজি কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক দেৱজিৎ নাথ আৰু উপ আবকাৰী অধীক্ষক অনন্ত কলিতাৰ নেতৃত্বত গুৱাহাটী সদৰ আবকাৰী চক্ৰই লখৰাৰ সমীপৰ লালমাটি আৰু চাংমাইঘুলি পাহাৰৰ ওপৰত চুলাই মদ প্ৰস্তুত কৰা ভাটীত এক বৃহৎ অভিযান চলায়।

অভিযান কালত ১৭টা চুলাই প্রস্তুত কৰা ভাটী ধ্বংস কৰাৰ লগতে চুলাই প্ৰস্তুত কাৰ্যত ব্যৱহৃত ৭,০০০ লিটাৰ পাছ, প্ৰায় ২৫০ লিটাৰ চুলাই মদ আৰু প্ৰায় ১০০ যোৰ বিভিন্ন সা-সৰঞ্জাম জব্দ কৰা হয়। অৱশ্যে অভিযানৰ উমান পাই দুস্কৃতিকাৰী সকল পলাই যাবলৈ সক্ষম হয়।