মহানগৰীত অপাৰেশ্যন চাৰখাৰ: প্ৰথম তিনি দিনতে সংগ্ৰহ প্ৰায় ডেৰ কোটি টকা

79

মহানগৰীত দ্ৰুত গতিত চলিছে পৰিবহন বিভাগৰ “অপাৰেশ্যন চাৰখাৰ”। ১ফেব্ৰুৱাৰীৰ পৰা জিলা পৰিবহন বিষয়া গৌতম দাসৰ নেতৃত্বত মহানগৰীৰ বিভিন্ন প্ৰান্তত কৰ অনাদায় বাহনৰ বিৰুদ্ধে এই অভিযান অব্যাহত আছে।

সময়মতে যান-বাহনৰ কৰ আদায় নিদিয়া বাহনৰ মালিকৰ সন্ধানত আৰম্ভ কৰা অপাৰেশ্যন চাৰখাৰৰ জৰিয়তে ইতিমধ্যে কোটি টকা সংগ্ৰহ কৰিছে পৰিবহণ বিভাগে।

উল্লেখ্য যে, এনে কৰ অনাদায় বাহনৰ বিৰুদ্ধে অপাৰেশ্যন চাৰখাৰ আৰম্ভ কৰি ১০০ কোটি টকাৰ কৰ সংগ্ৰহৰ নিৰিখ বান্ধি দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশ পালন কৰিয়েই অভিযান আৰম্ভ কৰাৰ প্ৰথম দিনটোত অৰ্থাৎ ১ ফেব্ৰুৱাৰীত প্ৰায় ৬০ লাখ টকা সংগ্ৰহ কৰে পৰিবহণ বিভাগে। সেইদৰে দ্বিতীয় দিনা অৰ্থাৎ ২ ফেব্ৰুৱাৰীতো প্ৰায় ৩৪ লাখ টকা সংগ্ৰহ কৰিবলৈ সক্ষম হয় গৌতম দাসৰ নেতৃত্বৰ পৰিবহণ বিভাগৰ দলে।

আনহাতে বৃহস্পতিবাৰৰ সন্ধিয়ালৈকে পৰিবহণ বিভাগে কৰ আদায় নিদিয়া বাহনৰ পৰা প্ৰায় ৫০ লাখ টকা সংগ্ৰহ কৰা বুলি জানিব পৰা গৈছে।

তাৰ পিছত অভিযানৰ প্ৰথম তিনিটা দিনতে পৰিবহণ বিভাগে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে প্ৰায় ১ কোটি ৪৪ লাখ টকা।

ইফালে পৰিবহণ বিভাগৰ এই অভিযানতে পোহৰলৈ আহিছে মহানগৰীৰ কেইবাখনো ব্যক্তিগত বিদ্যালয়ে ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলাৰ আশ্বৰ্যকৰ কাণ্ড। নথি-পত্ৰ বিহীন আওপুৰণি বাছেৰে কেইবাখনো ব্যক্তিগত বিদ্যালয়ে অনা-নিয়া কৰে ছাত্ৰ-ছাত্ৰীক।

এই তথ্য পোহৰলৈ অহাৰ পিছতে পৰিবহণ বিষয়া গৌতম দাসে তেনে বিদ্যালয় সমূহৰ কৰ্তৃপক্ষক সকীয়নী প্ৰদান কৰি ৰাজপথত নথি-পত্ৰবিহীন আওপুৰণি বাহন চলিব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়ে।