মহানগৰবাসীলৈ দুৰ্গা পূজাৰ উপহাৰঃ চেৰাবভাটীত উদ্বোধন আৰ্যনগৰ উৰণীয়া সেতু…

177

মহানগৰবাসীক দুৰ্গাপূজাৰ উপহাৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

পূজাৰ এদিন পূৰ্বে অৰ্থাৎ শুকুৰবাৰে মুকলি কৰা হ’ল আৰ্য নগৰ উৰণীয়া সেতু।

চেৰাবভাটীত ৰাজ্য চৰকাৰে নিৰ্মাণ কৰা এই নতুন উৰণীয়া সেতুখনে মহানগৰীৰ যান-জঁটৰ সমস্যা বহু পৰিমাণে হ্ৰাস কৰিব বুলি আশা কৰা হৈছে।

লখৰা আৰু পল্টন বজাৰক সংযোগ কৰি নিৰ্মাণ কৰা হৈছে ৭৯০ মিটাৰ দৈৰ্ঘ্যৰ এই উৰণীয়া সেতুখন।

উল্লেখ্য যে, সেতুখনৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল ২০২১ চনৰ ২৬ ফেব্ৰুৱাৰীত।

২০২৩ চনৰ ১৭ আগষ্টৰ ভিতৰত উৰণীয়া সেতুখনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ কথা আছিল যদিও তাৰ এবছৰ পূৰ্বেই নিৰ্মাণ সম্পূৰ্ণ কৰি মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উৰণীয়া সেতুখন নিৰ্মাণত ব্যয় কৰা হৈছে ১৪৯ কোটি ৭ লাখ টকা।

ইফালে শুকুৰবাৰে উৰণীয়া সেতুখন মুকলি কৰাৰ পূৰ্বে অসমৰ বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতিৰ চিত্ৰ অংকণ কৰি সেতুখন সজাই তোলা হয়।