মহাকুম্ভ মেলাত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড

57

প্ৰয়াগৰাজত চলি থকা মহাকুম্ভত সংঘটিত হৈছে আন এক অগ্নিকাণ্ড। এই অগ্নিকাণ্ড সংঘটিত হয় মহা কুম্ভৰ ১৯ নং ছেক্টৰত কল্পবাসীয়ে খালী কৰা তম্বুত।

অগ্নিকাণ্ডই মুহূৰ্ততে বহুকেইটা তম্বু আগুৰি ধৰে। এই ঘটনাত কোনো লোকৰ প্ৰাণ হেৰুৱাৰ খবৰ অৱশ্যে এতিয়াও পোহৰলৈ অহা নাই।প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে, মহাকুম্ভত সমবেত হোৱা সাধু-সন্তসকলক দান কৰাৰ উদ্দেশ্যে শিবিৰলৈ অনা লাখ লাখ টকাৰ কম্বল আৰু আন কিছুমান সামগ্ৰীও এই জুইত সম্পূৰ্ণ ৰূপে জাহ যায়।

এই অগ্নিকাণ্ডত কোনো লোকৰ প্ৰাণ হানি হোৱা নাই তথা কোনো লোকে আঘাত পোৱা নাই বুলি জানিব পৰা গৈছে।