মহন্ত নৰেন্দ্ৰ গিৰিৰ মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ

71

আখৰা পৰিষদৰ সভাপতি মহন্ত নৰেন্দ্ৰ গিৰিক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ প্ৰয়াগৰাজত উপস্থিত হোৱা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে তেওঁৰ মৃত্যুৰ এক উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে। উল্লেখ্য যে, মহন্ত নৰেন্দ্ৰ গিৰিৰ অন্তিম সংস্কাৰ বুধবাৰে প্ৰয়াগৰাজত অনুষ্ঠিত হ’ব। মহন্ত নৰেন্দ্ৰ গিৰিৰ শেষ দৰ্শনৰ বাবে প্ৰয়াগৰাজত অগণন লোকৰ ভিৰ লাগিছে। পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ সেই স্থানত যথেষ্ট সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে।

মহন্ত নৰেন্দ্ৰ গিৰিক শেষ শ্ৰদ্ধা জনাই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয়, “কালিৰ ঘটনা সন্দৰ্ভত ইয়াত যথেষ্ট প্ৰমাণ সংগ্ৰহ কৰা হৈছে। এডিজি জোন, আইজি ৰেঞ্জ, ডিআইজি প্ৰয়াগৰাজ, তিনিওজন বিভাগীয় আয়ুক্তই প্ৰয়াগৰাজৰ সহযোগত তদন্ত আগুৱাই লৈ গৈছে। প্ৰতিটো ঘটনা উন্মোচিত হ’ব আৰু অপৰাধীসকলক নিশ্চিতভাৱে শাস্তি দিয়া হ’ব।’ মৃত্যুৰ এদিন আগতে মহন্ত নৰেন্দ্ৰ গিৰিৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰা উপ মুখ্যমন্ত্ৰী কেশৱ মৌৰ্যই তেওঁৰ মৃত্যুৰ চিবিআই তদন্তৰ প্ৰস্তুতি চলোৱা বুলিও জানিব পৰা গৈছে।

ইফালে, প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱেও মহন্ত নৰেন্দ্ৰ গিৰিক শ্ৰদ্ধাঞ্জলি জনাবলৈ আজি প্ৰয়াগৰাজত উপস্থিত হয়। নৰেন্দ্ৰ গিৰিৰ ঘনিষ্ঠ হিচাপে পৰিচিত প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ সিং যাদৱে তেওঁৰ মৃত্যুৰ তদন্ত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ নিৰীক্ষণত কৰাৰ দাবী জনায়।

উল্লেখ্য যে, বাঘবাৰী মঠৰ শশ কোটি টকাৰ সম্পত্তি বিবাদৰ মূল কাৰণ বুলি কোৱা হয়। মঠসমূহৰ উত্তৰাধিকাৰীৰ বিবাদেও বিগত সময়চোৱাত তুমুল চৰ্চা লাভ কৰিছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, নৰেন্দ্ৰ গিৰিয়ে তেওঁৰ চুইচাইড নোটত তেওঁৰ শিষ্য আনন্দ গিৰি, আদ্য তিৱাৰী আৰু সন্দীপ তিৱাৰীকো আত্মহত্যাৰ বাবে দোষাৰোপ কৰিছে। আদিয়া আৰু সন্দীপ তিৱাৰীক কালি প্ৰয়াগৰাজত আৰক্ষীয়ে আটক কৰে আৰু নৰেন্দ্ৰ গিৰিৰ আন এজন শিষ্য অমৰ গিৰিয়ে আনন্দ গিৰিৰ বিৰুদ্ধে আইপিচিৰ ৩০৬ ধাৰাত আত্মহত্যা কৰিবলৈ বাধ্য কৰাৰ বাবে এজাহাৰ দাখিল কৰিছে।