মষ্ট ৱান্টেড গেংষ্টাৰ বিকাশ ডুবে নিহত

78

ষ্টাফৰিপৰ্টাৰ, মষ্ট ৱান্টেড গেংষ্টাৰ, ৮জনকৈ আৰক্ষী বিষয়া-জোৱানক হত্যা কৰা কুখ্যাত অপৰাধী বিকাশ ডুবে আৰক্ষীৰ এনকাউন্টাৰত নিহত হৈছে।মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ হোৱা বিকাশ ডুবেক আৰক্ষীয়ে কানপুৰলৈ আনি থকা অৱস্থাতে আৰক্ষীৰ গুলীত নিহত হয়।১০ মিনিটজোৰা সংঘৰ্ষৰ অন্তত আৰক্ষীৰ গুলীত নিহত হয় বিকাশ ডুবে।এই সংঘৰ্ষত চাৰি আৰক্ষীও আহত হয়। জানিব পৰা মতে,বিকাশ ডুবেক উত্তৰ প্ৰদেশ এছ টি এফে ৩খন গাড়ীৰ এক কনভয়ৰ জৰিয়তে কাণপুৰলৈ নি আছিল। কাণপুৰৰ দেহাতত হঠাৎ এছ টি এফৰ এখন গাড়ী দুৰ্ঘটনাত পতিত হয়।বাহনখন বাগৰি পৰাৰ পাছতে বিকাশ ডুবে পলাবলৈ চেষ্টা কৰাৰ লগতে আৰক্ষীলৈ লক্ষ্য কৰি গুলীও চলায়।এনে সময়ত আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে বিকাশ ডুবেলৈ গুলী চলাবলৈ বাধ্য হয়। আৰক্ষীয়ে বিকাশ ডুবেক চিকিৎসালয়লৈ লৈ গৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।