ম’ষ্ট ৱাণ্টেড অপৰাধী ডাউদ ইব্ৰাহিমৰ ভাতৃ ইকবাল কাছৰকৰ গ্ৰেপ্তাৰ NCBৰ

79

ভাৰতৰ ম’ষ্ট ৱাণ্টেড ক্ৰিমিনেল ডাউদ ইব্ৰাহিমৰ ভাতৃ ইকবাল কাছকৰক ড্ৰাগছ ৰেকেটেৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে নাৰ্ক’টিক কণ্ট্ৰ’ল ব্যুৰ’ চমুকৈ এনচিবিয়ে।

আজি অভিযান চলাই দিল্লীৰ পৰা ইকবাল কাছকৰক এনচিবিয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। অভিযোগ অনুসৰি, ইকবাল কাছকৰে ২০১৩ চনৰ পৰাই ভাৰতত ড্ৰাগছ ৰেকেট চলাই আহিছিল। ২০১৭ চনত এবাৰ দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছিল ইকবালক। কিন্তু জামিন লাভৰ পিছত পুনৰ ড্ৰাগছৰ বিক্ৰী আৰু সৰবৰাহত জড়িত হৈ পৰে ডাউদ ইব্ৰাহিমৰ ভাতৃ ইকবাল কাছকৰ।

উল্লেখ্য যে, ভাৰতৰ আটাইতকৈ দাগী অপৰাধী হিচাপে পৰিচিত ডাউদ ইব্ৰাহিম বৰ্তমান পাকিস্তানত আত্মগোপন কৰি থকাৰ বিষয়ে জানিব পৰা যায়। ইকবাল কাছকৰে ডাউদৰ সহায়তে ভাৰতত ড্ৰাগছৰ সাম্ৰাজ্য গঢ়ি তোলা বুলি মন্তব্য কৰিছে এনচিবিয়ে।