গোৱাৰ বিধানসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে সমগ্ৰ দেশৰ মুখ্য ৰাজনৈতিক দলসমূহ। ইটোৰ পিছত সিটো দলে এতিয়া প্ৰতিশ্ৰুতিৰ বন্যা নমাইছে গোৱাত। শনিবাৰে তৃণমূলৰ মুৰব্বী তথা বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে গোৱাৰ জনসাধাৰণক প্ৰতিশ্ৰুতি দিয়ে যে যদি তেওঁৰ চৰকাৰ গঠন হয়, তেন্তে মহিলাসকলক প্ৰতি মাহে ৫,০০০ টকা কৈ দিয়া হ’ব। প্ৰাক্তন বিত্ত মন্ত্ৰী আৰু কংগ্ৰেছ নেতা পি চিদাম্বৰমে ইয়াৰ সমালোচনা কৰিছে। তেওঁ কয় যে এই প্ৰতিশ্ৰুতিৰ বাবে মমতা বেনাৰ্জীক অৰ্থনীতিৰ ন’বেল বঁটা প্ৰদান কৰা উচিত।
চিদাম্বৰমে টুইট কৰি কয়, “এই গণিতৰ বাবে অৰ্থনীতিৰ ন’বেল বঁটা প্ৰদান কৰা উচিত। গোৱাৰ ৩.৫ লাখ পৰিয়ালৰ মহিলাসকলক প্ৰতি মাহে নগদ ৫০০০ টকা প্ৰদান কৰিলে প্ৰতি মাহে ১৭৫ কোটি টকা ব্যয় হ’ব। এবছৰত ২১০০ কোটি টকা। ‘
প্ৰাক্তন বিত্ত মন্ত্ৰীগৰাকীয়ে আন এটা টুইট কৰি লিখে, “২০২০ চনৰ মাৰ্চ মাহলৈকে ২৩,৪৭৩ কোটি টকাৰ ঋণ থকা গোৱাৰ দৰে ৰাজ্যৰ বাবে এইটো এটা “সামান্য পৰিমাণ”। গোৱাক ঈশ্বৰে ৰক্ষা কৰক।”
উল্লেখ্য যে, গোৱাত অহা বছৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। বৰ্তমান ৰাজ্যখনত বিজেপি চৰকাৰ শাসনত আছে। আগন্তুক নিৰ্বাচনত তৃণমূল কংগ্ৰেছ, শিৱসেনা আৰু আপেও ইয়াত জোৰ দি আছে। মমতা বেনাৰ্জীৰ দলে গোৱাৰ ৪০ খন বিধানসভা আসনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা কৰিছে।
