ম’বাইল নম্বৰৰ সংখ্যাৰ ক্ষেত্ৰত বিশেষ সিদ্ধান্ত ল’বলৈ সাজু ট্ৰাই

83

ষ্টাফ ৰিপৰ্টাৰ : ম’বাইল নম্বৰৰ সংখ্যাৰ ক্ষেত্ৰত বিশেষ সিদ্ধান্ত ল’বলৈ সাজু হৈছে টেলিকম ৰগুলেটৰী অথৰিটী অৱ ইণ্ডিয়া। সাজু হওক, ১০ টা নহয়, তাতকৈ বৃদ্ধি পাব ম’বাইল নম্বৰৰ সংখ্যা। ইয়াৰ বাবে চৰকাৰৰ ফালৰ পৰা আগবঢ়োৱা হৈছে বিশেষ পৰামৰ্শ।উল্লেখযোগ্য নতুন ম’বাইল নম্বৰ সৃষ্টিৰ বাবে এই সিদ্ধান্ত লোৱাৰ দিশত আগবাঢ়িছে ট্ৰাই। এই সন্দৰ্ভত শুকুৰবাৰে দেশত ১১টা সংখ্যাৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰাৰ প্ৰস্তাৱ সদৰী কৰিছে। দাবী কৰিছে যে, মোবাইল নম্বৰ ১১টা সংখ্যাৰ কৰিলে আৰু প্ৰথম সংখ্যাটো ৯ ৰাখিলে দেশত ১০ বিলিয়ন মোবাইল নম্বৰ সৃষ্টি কৰিব পৰা যাব। ইয়াৰ উপৰিও ডংগলছৰ বাবে ব্যৱহাৰ হোৱা মোবাইল নম্বৰ ১০টা সংখ্যাৰ ঠাইত ১৩টা সংখ্যা কৰাৰ পৰামৰ্শ দিছে।