মন্দিৰত পূজা কৰি থাকোঁতেই ঢলি পৰিল প্ৰাক্তন বিধায়ক বিনোদ ডাগা, মৃত্যু

46

ডিজিটেল ডেস্ক:যোৱা ১২ নোৱেম্বৰত মধ্যপ্ৰদেশৰ বেলতুল চহৰত ভগৱানৰ ঘৰতে প্ৰাণ ত্যাগ কৰিলে কংগ্ৰেছৰ এগৰাকী প্ৰাক্তন বিধায়কে।

জানিব পৰা মতে, মধ্যপ্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক বিনােদ ডাগাই নিত্য নিয়ম অনুসৰণ কৰি পুৱা স্থানীয় জৈন মন্দিৰত উপস্থিত হৈছিল।

পূজা কৰি থকাৰ অৱস্থাতে হঠাতে বুকুৰ প্ৰচণ্ড বিষত মন্দিৰৰ চৌহদতে ঢলি পৰে নেতাগৰাকী।

ঘটনাস্থলীতে মৃত্যু ঘটে বিনােদ ডাগাৰ।
স্থানীয় জৈন সমাজৰ এগৰাকী সক্ৰিয় সদস্য বিনােদ ডাগাৰ আকস্মিক মৃত্যুৰ ঘটনাত মৰ্মাহত হৈ পৰিছে আত্মীয় তথা ৰাজ্যিক কংগ্ৰেছৰ নেতা-কৰ্মীসকল।