ষ্টাফ ৰিপোৰ্টাৰ: মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বহু কেইটা গুৰুত্বপূৰ্ণ ঘোষণা।
আজমেৰৰ পৰা অহা এজনৰ দেহত কোৰোণা ভাইৰাছ।
কাইলৈৰ পৰা ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব দৰমহা।
মাস্ক পৰিধান নকৰিলে ৫০০ টকাৰ জৰিমনা।
এইবাৰ উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্তৰ পৰীক্ষাৰ ফলাফলৰ পিছত দিয়া নহয় মাৰ্কশ্বীট।
তাৰ পৰিৱৰ্তে ডিজিটেল মাৰ্কশ্বিটৰ জৰিয়তে হ’ব কলেজত নামভৰ্তি।
৩১ মে’লৈকে গৰম বন্ধ ঘোষণা।
জুনৰ প্ৰথম ভাগৰ পৰা উচ্চতৰ মাধ্যমিক দ্বিতীয়বৰ্ষৰ পাঠ দান আৰম্ভ হ’ব।
ঘৰৰ ওচৰৰ যিকোনো মহাবিদ্যালয়তে গ্ৰহণ কৰিব পাৰিব পাঠ। শিক্ষকসকলেও যতেই থাকিব , ওচৰৰ মহাবিদ্যালয়খনতে পাঠদান কৰিব পাৰিব।
বহিঃৰাজ্যৰ পৰা অহা ৰাজ্যৰ শিক্ষাৰ্থীক চৰকাৰে প্ৰদান কৰিব আৰ্থিক সাহায্য।
দক্ষিণ ভাৰত-পূৱ ভাৰতৰ পৰা অহা শিক্ষাৰ্থীক ৫ হাজাৰকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব ৰাজ্য চৰকাৰে।
কাইলৈৰ পৰা ৰাজ্যলৈ ঘূৰাই অনা হ’ব অসম ভৱনত আবদ্ধ হৈ থকা কৰ্কট ৰোগীসকল।