মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই মুকলি কৰিলে ড°বাণীকান্ত কাকতী বৈদ্যুতিক শ্মশান

98

ষ্টাফৰিপৰ্টাৰ,
লকাডাউনৰ মাজতে সোমবাৰে উলুবাৰীস্থিত ৰামকৃষ্ণ মিছন পথস্থিত ড° বাণীকান্ত কাকতী
বৈদ্যুতিক শ্মশান মুকলি কৰা হয় ৷ পুৱ গুৱাহাটী সমষ্টিৰ বিধায়ক তথা গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই শ্মশানখন মুকলি কৰি কয় “জি এম ডি এৰ অধীনত প্ৰায় ৫ কৌটি ৯ লাখ টকা ব্যয় সাপেক্ষে এই অত্যাধুনিক বৈদ্যুতিক শ্মশান নিৰ্মাণ কৰা হৈছে ৷ কৰ’না আক্ৰান্ত হৈ মৃত্যু মুখত পৰা ব্যক্তিৰ শহদেহ সৎকাৰ কৰাৰ ক্ষেত্ৰত যঠেষ্ট অসুবিধাৰ সৃষ্টি হৈছিল ৷ ইয়াৰ বাবেই স্বাস্থ্য বিভাগে জি এম ডি এক বৈদ্যুতিক শ্মশানখন ক্ষীপ্ৰতাৰে সম্পন্ন কৰাৰ বাবেই অনুৰোধ জনাই আহিছিল ৷ সেয়েহে জি এম ডিয়ে সোমবাৰে আনুষ্ঠানিকতাৰে ৰাইজৰ মাজত মুকলি কৰি দিলে এই
শ্মশান খন। উল্লেখ্য এতিয়াৰে
পৰা গুৱাহাটী পৌৰনিগমে শ্মশান খনৰ দায়িত্ব গ্ৰহণ কৰিব ৷ এই ক্ষেত্ৰত জি এম ডি এৰ মুখ্য কাৰ্যবাহী বিষয়া উমানন্দ দলেই গুৱাহাটী পৌৰনিগমৰ আয়ুক্ত দেবজ্যোতি হাজৰিকাক চুক্তি বদ্ধ ভাবে দায়িত্ব অৰ্পন কৰে ৷ ৰামকৃষ্ণ মিছন শ্মশান সমিতিৰ মুখ্য উপদেষ্টা বিৰাজ চক্ৰৱৰ্তীয়ে পৌৰহিত্যত কৰা সভাখনত বিশিষ্ট ব্যক্তি হিচাপে জি এম ডি এ ৰ উপাধক্ষ্য মুকুতা ডেকা, জি এম ডি এ ৰ মুখ্য কাৰ্যবাহী বিষয়া উমানন্দ দলৈ,গুৱাহাটী পৌৰনিগমৰ আয়ুক্ত দেবজ্যোতি হাজৰিকা,শ্মশান সমিতিৰ সভাপতি সঞ্জীৱ ডেকা উপস্থিত থাকে ৷ আনহাতে উন্মোচনী সভাৰ শেষত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই শ্মশান খনৰ চৌহদত এটি গছ পুলি ৰোপণ কৰে ৷