মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ এক নিৰ্দেশ মৰ্মে অনিল নগৰৰ বোকাময় পৰিবেশ পৰিস্কাৰ কৰিলে গুৱাহাটী পৌৰনিগমে

66

ষ্টাফৰিপৰ্টাৰ, পূব গুৱাহাটী সমষ্টিৰ বিধায়ক, গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ এক নিৰ্দেশ মৰ্মে বুধবাৰে গুৱাহাটী পৌৰনিগমৰ আয়ুক্ত দেবজ্যোতি হাজৰিক, পৌৰনিগমৰ মুখ্য অভিযন্তা দেৱজিত দাস সহ কেইবাগৰাকী বিষয়াৰ উপস্থিতিত অনিল নগৰৰ বোকাময় পথছোৱা পৰিস্কাৰ কৰা হয়। উল্লেখ্য ৬ জুনৰ সন্ধিয়া অহা এজাক মুষলধাৰ বৰষুণে গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চল পানীৰে বুৰাই পেলায় ৷ প্ৰায় এঘন্টা সময় বৰষুণ দিয়াৰ ফলত অনিল নগৰ অঞ্চলত এবুকু পৰ্যন্ত কৃত্ৰিম বানৰ সৃষ্টি হয় ৷কৃত্ৰিম বানৰ ফলত কেইঘণ্টামানৰ বাবেই অঞ্চল বাসীয়ে যথেষ্ট অসুবিধাৰ সন্মুখীন হয় ৷ এই ক্ষেত্ৰত গুৱাহাটী পৌৰনিগমৰ পানীৰ পাম্পৰে ক’ম সময়ত ভিতৰত পানী নিস্কাষন কৰিবলৈ সক্ষম হয় ৷ পথচোৱাৰ পৰা পানী নাইকিয়া হোৱাৰ পাছত বোকময় পৰিবেশৰে ভৰপুৰ হৈ পৰে। স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত বুধবাৰে পুৱ গুৱাহাটী সমষ্টিৰ বিধায়ক তথা গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই পৌৰনিগমক পথছোৱা পৰিস্কাৰ কৰাৰ লগতে ছেনিটাইজাৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷ সেই মৰ্মেই পৌৰনিগমৰ আয়ুক্ত সহ মুখ্য অভিযন্তাৰ তদাৰকত পথচোৱা পৰিস্কাৰ কৰাৰ লগতে ছেনিটাইজাৰ কৰা হয় ৷ এই ক্ষেত্ৰত স্থানীয় বাসিন্দা প্ৰশান্ত বৰ্মনে মন্ত্ৰী গৰাকীৰ তাৎক্ষণিক পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰে ৷ লগতে গুৱাহাটী পৌৰনিগমৰ আয়ুক্ত অভিযন্তা গৰাকীৰ পদক্ষেপক আদৰনীয় বুলি কয়।