নিয়োগ মেলাৰ নামত ৰাজ্যত প্ৰৱঞ্চনাৰ বলি হল লাখ লাখ নিবনুৱা। চাকৰি প্ৰদানৰ ঢাক ঢোল বজাই অৱশেষত ব্যক্তিগত ৰেষ্টুৰেণ্ট, ডীলাৰত সংস্থাপন প্ৰদানৰ প্ৰচেষ্টা চলোৱা এই নিয়োগ মেলাক লৈ ক্ষুব্ধ ৰাজ্যৰ নিবনুৱা সকল।
তাৰ মাজতে নিয়োগ মেলাত সংঘটিত বিসংগতি স্বীকাৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক দিছিল কঠোৰ নিৰ্দেশনা। যাৰ পৰিপ্ৰেক্ষিতত এইবাৰ নিয়োগ মেলাক লৈ ডাঙৰ সিদ্ধান্ত লৈছে দক্ষতা, নিযুক্তি আৰু উদ্যোগ বিভাগে।
ৰাজ্যৰ দক্ষতা, নিযুক্তি আৰু উদ্যোগবিভাগে পৰৱৰ্তী চাকৰি মেলা অনলাইনযোগে আয়োজন কৰাৰ ঘোষণা কৰিছে। শনিবাৰে এই ঘোষণা কৰে দক্ষতা, নিযুক্তি আৰু উদ্যোগমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি পাটোৱাৰীয়ে কয় যে মেলাখনত আন জিলাসমূহে যথেষ্ট ভাল প্ৰদৰ্শন কৰিছে। তেওঁ এই সত্যটোও স্বীকাৰ কৰে যে গুৱাহাটী জব মেলা স্থানত কিছু অব্যৱস্থাৰ সৃষ্টি হৈছিল।
তেওঁ দাবীৰ অনুসৰি এই অব্যৱস্থাৰ বাবে বিষয়াসকল দায়বদ্ধ আৰু জড়িত বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।