মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পূৰ্বে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীকে ধৰি কেইবাগৰাকীও মন্ত্ৰীৰ পদত্যাগ

82

ডিজিটেল ডেস্কঃ মোডী চৰকাৰৰ কেবিনেটৰ ৰদবদলৰ পূৰ্বে মন্ত্ৰীসভাৰ কেইবাগৰাকীও মন্ত্ৰীয়ে পদত্যাগ কৰাৰ বিষয়ে জানিব পৰা গৈছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধন, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকৰ লগতে আন কেইবাগৰাকীও মন্ত্ৰীয়ে ইতিমধ্যে পদত্যাগ কৰিছে মন্ত্ৰীসভাৰ পৰা।

খবৰ অনুসৰি, মোডী চৰকাৰৰ মন্ত্ৰী সদানন্দ গৌড়া, দেৱশ্ৰী চৌধুৰী, সঞ্জয় ধোত্ৰে আৰু ৰতনলাল কাতাৰিয়াইও ইতিমধ্যে পদত্যাগ কৰিছে। প্ৰকাশিত খবৰ অনুসৰি কেবিনেটৰ সালসলনি ঘটাই এইসকল মন্ত্ৰীক নতুন বিভাগৰ দায়িত্ব অৰ্পণ কৰা হব।

উল্লেখ্য যে, অতি শীঘ্ৰে সম্প্ৰসাৰণ ঘটিব লগা মোডী মন্ত্ৰীসভাত ৪৩ খন নতুন মুখ দেখা পোৱা যাব বুলি জানিব পৰা গৈছে। মোডী চৰকাৰৰ নতুন মন্ত্ৰীসভাত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও স্থান লাভ কৰিব।