মনোনয়ন পত্ৰ দাখিল কৰিলে UPPLৰ প্ৰাৰ্থী লেহোৰাম বড়োৱে

54

৫৮নং তামুলপুৰ বিধান সভা সমষ্টিৰ UPPL দলৰ প্ৰাৰ্থী লেহোৰাম বড়োৱে আজি দাখিল কৰিব মনোনয়ন পত্ৰ। মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে নিজ বাসগৃহত পূজা-অৰ্চনা কৰি তামুলপুৰ শ্ৰীমন্ত শাখা সত্ৰত আশীষ লৈ প্ৰায় ১০ হাজাৰো অধিক সমৰ্থক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ৰাওনা হয়। মনোনয়ন পত্ৰৰ দাখিলৰ পূৰ্বে সাংবাদিকৰ আগত প্ৰাৰ্থী গৰাকীয়ে কয়- মোৰ বাবে আজি এক ঐতিহাসিক দিন। ৰাইজৰ মৰম আশীৰ্বাদ লৈ আগন্তুক নিৰ্বাচনত বিপুল ভোটত জয়ী হোৱাৰ কথা সদৰী কৰে। প্ৰাৰ্থী গৰাকীৰ সৈতে সংগ দিয়ে ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, সহ বিটিছিৰ কাৰ্যবাহী সদস্য ৰনেন্দ্ৰ নাৰ্জাৰী আৰু হেমন্ত কুমাৰ ৰাভাই ।