মধ্য গুৱাহাটী উন্নয়ন সমিতিৰ অনলাইন ৰচনা প্ৰতিযোগিতা

85

ষ্টাফৰিপৰ্টাৰ,
কৰ’না ভাইৰাছৰ সংক্ৰমন ৰোধৰ বাবে ৰাজ্যত বলৎব হৈ থকা লকডাউনে স্কুল কলেজ বন্ধ হৈ পৰাত ছাত্ৰছাত্ৰী সকল বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে ৷ ছাত্ৰছাত্ৰী সকলক শিক্ষাত মনোনিৱেশ কৰাৰ উদ্দেশ্যই মধ্য গুৱাহাটী উন্নয়ন সমিতিয়ে সদৌ অসম ভিত্তিত অনালাইন ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰিছে ৷ প্ৰতিযোগিতা খনি দুটা শাখাত বিভাক্ত ‘ক’ শাখা অষ্টম শ্ৰেনীৰ পৰা দশম শ্ৰেনীলৈ ৷ ‘খ’ শাখাত দশম শ্ৰেনীৰ পৰা দ্বাদশ শ্ৰেনীলৈ ৷ ‘ক’ শাখাৰ ৰচনাৰ বিষয়
১: লকডাউনৰ সময়ত কিতাপ কিমান প্ৰয়োজন, ২: কৰ’নাই পৰ্যটন ক্ষেত্ৰত কিমান প্ৰভাব পেলালে ৷ দশম শ্ৰেনীৰ পৰা দ্বাদশ শ্ৰেনীলৈ ১: কৰ’নাৰ ফলত সামাজিক মাধ্যমে জনসাধাৰণৰ মাজত কিমান প্ৰভাব পেলালে, ২;কৰ’নাই প্ৰাকৃতিক সম্পদৰ লগতে জনসাধাৰণৰ মাজত কিমান প্ৰভাব পেলালে ৷ ইচ্চুক প্ৰতিযোগী সকলে অহা ৫ আগষ্টৰ ভিতৰত ৰচনাৰ প্ৰতিলিপি ১৫০০ শব্দৰ ভিতৰত লিখি Shivtechcpl@gmail.com যোগে প্ৰেৰণ কৰিব লাগিব ৷প্ৰতিযোগী সকলৰ মাজৰ পৰা নিৰ্বাচিত প্ৰতিযোগী সকলক নগধ ধনৰে পুৰস্কৃত কৰা হব ৷ প্ৰথম পুৰস্কাৰ ৩০০০ হাজাৰ টকা, দ্বিতীয় পুৰস্কাৰ ২০০০টকা, তৃতীয় পুৰস্কাৰ ১০০০ টকা ৷ উল্লেখ্য প্ৰতিযোগিতা খনৰ বিছাৰকৰ দায়িত্ব থাকিব গুৰুনানক নেচনেল হাইস্কুলৰ অধ্যক্ষ চুভাৰন্স চক্ৰৱৰ্তী, প্ৰাগজ্যোতি ইংৰাজী হাইস্কুলৰ অধ্যক্ষ আহমেদ হুছেইন , গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জুৰিস্মিতা দত্ত ৷ নিৰ্বাচিত প্ৰতিযোগী সকলক পল্টনবজাৰস্থিত নেপালী চকত ১৫ আগষ্টত পুৰস্কাৰ সমুহ প্ৰদান কৰা হ’ব বুলি মধ্য গুৱাহাটী উন্নয়ন সমিতিৰ সাধৰন সম্পাদক ৰাজীব দাসে জনাইছে।