মধ্য গুৱাহাটী উন্নয়ন সমিতিৰ উদ্যোগত খাদ্যসামগ্রী যোগান

73

ষ্টাফৰিপোৰ্টাৰ, ২০, মে’ : অসমত আবদ্ধ হৈ থকা বিহাৰৰ ৬ গৰাকী ব্যক্তিক ৰেলযোগে পঠিওৱাৰ ব্যৱস্থা
গ্ৰহণ কৰিছে মধ্য গুৱাহাটী উন্নয়ন সমিতিয়ে। বিহাৰৰ পৰা প্ৰায় ২০ ব্যক্তিয়ে কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ আহি লকডাউনৰ বাবে অসমত আবদ্ধ হৈ থাকিবলগীয়া হৈছিল ৷ ১৮ মাৰ্চত গুৱাহাটীত উপস্থিত হৈ কামাখ্যা মন্দিৰ দৰ্শন কৰি ২৬ মাৰ্চত ৰেল যোগে বিহাৰলৈ উভতি যোৱাৰ কথা আছিল যদিও কৰ’না ভাইৰাছৰ বাবে ২৪ মাৰ্চৰ পৰা প্ৰথম প্ৰৰ্যায়ৰ লকডাউন আৰম্ভ হয় ৷ পিছত একেৰাহে চতুৰ্থ প্ৰৰ্যায়লৈ লকডাউন আৰম্ভ হৈ বুধবাৰে পৰ্যান্ত প্ৰযোজ্য হৈ আছে ৷ ইয়াৰ বাবে ব্যক্তি কেইগৰাকীয়ে খাদ্য সামগ্ৰীৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৷ সেই বাবে মধ্য গুৱাহাটী উন্নয়ন সমিতিয়ে বিগত দিনকেইটাত যথেষ্ট পৰিমাণে খাদ্য সামগ্ৰী যোগান ধৰি মানৱতাৰ পৰিচয় দাঙি ধৰিছে ৷ ইয়াৰ উপৰিও বুধবাৰে ছয় গৰাকী ব্যক্তিক ৰেল যোগে বিহাৰৰ বাৰনী ষ্টেচনত লৈ যোৱাৰ বাবে ৰেলৰ টিকট সংগ্ৰহ কৰি দীপা মালাৰ হাতত অৰ্পন কৰে ৷মহানগৰীৰ পল্টনবজাৰত এক অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী তথা পদ্মশ্ৰী অজয় দত্তই ৰেলৰ টিকট সমুহ দীপা মালা দেৱীৰ হাতত অৰ্পন কৰে ৷ অনুষ্ঠান মধ্য গুৱাহাটী উন্নয়ন সমিতিৰ সভাপতি তথা প্ৰাক্তন মেয়ৰ মৃগেন শৰনীয়া সাধৰণ সম্পাদক ৰাজীব দাস’ কাৰ্যকৰী সভাপতি দেৱশিষ সেন গুপ্তা উপস্থিত থাকে ৷ সভাপতি মৃগেন শৰনীয়াই এই সন্দৰ্ভত কয় “বিহাৰৰ ২০ গৰাকী ব্যক্তি আবদ্ধ হৈ থকা আটাইকেইগৰাকীক ৰেলযোগে যোৱাৰ ব্যৱস্থা আমাৰ তৰফৰ পৰা কৰা হ’ব ৷ এতিয়া ছয় গৰাকী ব্যক্তিৰ টিকট প্ৰদান কৰা হল ৷ এই সপ্তাহৰ শেষৰ ফালে বাকী কেইগৰাকীৰ টিকটৰ ব্যৱস্থা কৰা হব ৷ৰাজ্যৰ বাহিৰত আবদ্ধ হৈ থকা অসমৰ ব্যক্তি সকলক এনেদৰে কিছু ব্যক্তিয়ে সহযোগীতা কৰি ৰেলৰ টিকট সমুহ সংগ্ৰহ কৰি দিবলৈ আহ্বান জনালোঁ৷”