মধ্যপ্ৰদেশৰ হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড, কমেও ৮ জনৰ মৃত্যু

183

মধ্যপ্ৰদেশৰ জবলপুৰৰ এখন হাস্পতালত সোমবাৰে সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত কমেও ৮ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে আহত হয় আন বহু কেইজন।

জানিব পৰা মতে, জবলপুৰৰ নিউ নিউ লাইফ মাল্টিস্পেচিয়েলিটি হাস্পতালৰ তলৰ মহলাত সোমবাৰে জুইৰ সূত্ৰপাত ঘটে। তাৰ পিছতে জুইয়ে নিমিষতে বেঢ়ি ধৰে হাস্পতালখন। শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

এই অগ্নিকাণ্ডত দুগৰাকী নাৰ্ছসহ ৮ জনৰ মৃত্যু ঘটাৰ লগতে আন কেইবাজনো লোক অগ্নিদগ্ধ হৈ আহত হয়। আহত সকলক উদ্ধাৰ কৰি চিকিৎসা প্ৰদান কৰা হৈছে।

ইফালে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলাই আছে। মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ঘটনাক লৈ শোক প্ৰকাশ কৰাৰ লগতে যি কোনো সহায়ৰ বাবে উপায়ুক্তক নিৰ্দেশ দিছে।