মধ্যপ্ৰদেশৰ আতচবাজী কাৰখানাত ভয়ংকৰ বিস্ফোৰণ, ২ শিশুসহ নিহত ৪ জন…

231

মধ্যপ্ৰদেশ এটা ফটকা ফেক্টৰীত সংঘটিত ভয়ংকৰ বিস্ফোৰণত দুটি শিশুসহ নিহত ৪ জন।

ঘটনাত আহত হৈছে ৬ জন লোক।

ইফালে গুদাম ভৱনৰ ধ্বংসাৱশেষৰ তলত কেইবাজনো লোক আৱদ্ধ হৈ থকা বুলিও জানিব পৰা গৈছে। ইয়াৰ ভিতৰত শিশু আৰু মহিলাও আছে।

মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা স্থানীয় প্ৰশাসনৰ। আহত সকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। উদ্ধাৰৰ কাম চলি আছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি সেই আতচবাজীৰ ডাঙৰ গুদামটো মৰেনা জিলাৰ বেনমোৰ চহৰৰ জাতিপুৰ পথত অৱস্থিত। বিস্ফোৰণৰ ফলত গুদামটোকে ধৰি সমগ্ৰ অট্টালিকাটো ভাঙি পৰে।

জিলাখনৰ প্ৰশাসনিক বিষয়া বক্কি কাৰ্তিকেয়নে জনোৱা মতে, আতচবাজী কাৰখানাত সংঘটিত হোৱা বিস্ফোৰণত ৪ জন লোক নিহত হোৱাৰ লগতে ৭ জন আহত হৈছে।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰে। আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হয়। আহত সকলক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। উদ্ধাৰৰ কাম এতিয়াও চলি আছে।

আতচবাজী কাৰাগাৰত বিস্ফোৰণৰ কাৰণ সঠিকভাৱে কি হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই আৰক্ষীয়ে। সমগ্ৰ বিষয়টোৰ তদন্ত চলি আছে।

জানিব পৰা মতে, ফেক্টৰীৰ মালিক নিৰ্মল জৈন আৰু তেওঁৰ আত্মীয়ই গুদামৰ কাষৰ ঘৰটোত বাস কৰিছিল। ক্ষিপ্ৰ উদ্ধাৰৰ কামৰ বাবে সেই স্থানলৈ অনা হৈছে বুলডজাৰ।