ষ্টাফৰিপৰ্টাৰ, ২০ জুন : মধ্যগুৱাহাটী সাহিত্য সভাই শনিবাৰে ক’লাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱসৰ লগত সংহতি ৰাখি ছাত্ৰীবাৰী পুৰণি অগ্নিনিৰ্বাপক পথত সামাজিক দূৰত্ব বজাই ৰাখি পুৱা ৮৩০ বজাত মধ্যগুৱাহাটী সাহিত্য সভাৰ সভাপতি পতকাখন উত্তোলন কৰে ডা° দিলীপ চন্দ্ৰ দাসে। কাৰ্যকৰী সভাপতি লোহিত ঠাকুৰীয়াই প্ৰতিচ্ছবিত বন্তি প্ৰজ্বালন কৰে আৰু উপসভাপতি প্ৰমোদ চন্দ্ৰ ঠাকুৰীয়াই মাল্যৰ্পন কৰে ৷লগতে উপস্থিত থাকে সম্পাদক জেউতি লহকৰ, ৰাজু কাকতি বাবুল ৰাজবংশী, অজন্তা বৰগোহাঁই, সৰলা চৌধুৰী, সীমা দে, সুব্ৰজ্যোতি সৰকাৰ উৎপল দাস আদিয়ে। সন্ধিয়া শাখা সভাখনৰ সকলো সদস্যই পুদলিত বন্তি প্ৰজ্জ্বল কৰে।
