মণিপুৰ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি গোৱিন্দদাস কন্থুজামৰ বিজেপিত যোগদান

109

ডিজিটেল ডেস্কঃ উত্তৰ-পূবত আন এক উইকেট হেৰুৱালে কংগ্ৰেছে। অহাবছৰ অনুষ্ঠিত হৱলগা মণিপুৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এইবাৰ কংগ্ৰেছ ত্যাগ কৰিলে ৰাজ্যখনৰ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি গোৱিন্দদাস কন্থুজামে। দেওবাৰে কংগ্ৰেছ নেতাগৰাকীয়ে দলৰ পৰা পদত্যাগ কৰাৰ পিছত দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে গেৰুৱাবসন পৰিধান কৰে।

উল্লেখ্য যে, দীৰ্ঘ সময় ধৰি কংগ্ৰেছৰ হৈ কাম কৰি অহা গোৱিন্দদাস কন্থুজামে বিজেপিত যোগদান কৰিব বুলি বিগত কিছু দিনৰ পৰা চৰ্চা চলি আহিছিল। দেওবাৰে তেওঁ আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰি সেই চৰ্চাত চীল-মোহৰ মাৰে। বিজেপিৰ মুখ্য কাৰ্যালয়ত গোৱিন্দদাস কন্থুজামক দললৈ আদৰণি জনায় মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিং, মণিপুৰ বিজেপিৰ প্ৰভাৰী তথা ৰাষ্ট্ৰীয় প্ৰৱক্তা সম্বিত পাত্ৰৰ লগতে অন্য বিজেপি নেতাসকলে।

বিজেপিত যোগদান কৰি গোৱিন্দদাসে কয় যে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাম-কাজত প্ৰভাৱাম্বিত হৈয়েই বিজেপিত যোগ দিয়াৰ সিদ্ধান্ত লৈছিল। কংগ্ৰেছত থকা কালত তেওঁ উচিত সন্মান লাভ কৰা নাছিল বুলিও মন্তব্য কৰে। ইফালে গোৱিন্দদাস কন্থুজামৰ বিজেপি গমনে আগন্তুক নিৰ্বাচনত কংগ্ৰেছৰ বাবে ক্ষতিকাৰক প্ৰমাণিত হব নেকি, সেয়া সময়েহে কব।