ডিজিটেল ডেস্কঃ মণিপুৰ বিধানসভাত বিজেপি নেতৃত্বাধীন চৰকাৰ আস্থা ভোটত জয়ী হোৱাৰ পিছতে পোহৰলৈ আহিছে এক বিস্ফোৰক খবৰ। ৰাজ্যখনৰ মুঠ ৮ কংগ্ৰেছ বিধায়কৰ ভিতৰত ৬ জনেই মঙলবাৰে পদত্যাগ কৰাৰ খবৰে ৰাজনৈতিক মহলত জোকাৰণিৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, পদত্যাগী কংগ্ৰেছ বিধায়ক কেইজনে বিধাসভাৰ আস্থা ভোটত অংশ লোৱাৰ পৰাও বিৰত আছিল।
মণিপুৰৰ বিধায়ক অ’ হেৰনী সিঙে জানিবলৈ দিয়া মতে, মঙলবাৰে ৱাংজিন টেন্থা বিধানসভা সমষ্টিৰ কংগ্ৰেছ বিধায়ক পাওনাম ব্ৰ’জেন, চাইটু সমষ্টিৰ বিধায়ক নাগামথাং হাওকিপ, ৱাংগৈ সমষ্টিৰ বিধায়ক অ’ইনাম লুখৈ, সিংঘাট সমষ্টিৰ গিনচুহোৱা আৰু লি’লং সমষ্টিৰ মহম্মদ আব্দুল নাছিৰে বিধানসভাৰ অধ্যক্ষ ৱাই খেমচান্দৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিছে। অৱশ্যে বিধায়ককেইজনৰ পদত্যাগ পত্ৰ এতিয়াও স্বীকাৰ কৰা নাই অধ্যক্ষই।