মণিপুৰৰ নিৰীহ যুৱকক হত্যা কৰি গ্ৰেপ্তাৰ অসম ৰাইফলছৰ মেজৰ অলোক শেঠ, ১০ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান ভুক্তভূগী পৰিয়ালক

928

যোৱা ৪ জুনত মণিপুৰৰ কাঙপকপী জিলাৰ চালৱাৰ গাঁৱত অসম ৰাইফলছৰ জোৱানে অভিযান চলাই এজন নিৰীহ যুৱকক গুলীয়াই হত্যা কৰাৰ পিছত অৱশেষত ১০ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিবলগা হল অসম ৰাইফলছে। আছাম ৰাইফলছৰ মেজৰ অলক শেঠ আৰু তেওঁৰ অন্য চাৰিজন জোৱানে অসামৰিক পোছাকত গাঁওখনত প্ৰৱেশ কৰি নিৰীহ যুৱকজনক গুলীয়াই হত্যা কৰিছিল।

ইয়াৰ পিছতে কুকী জনগোষ্ঠীয়ে মেজৰ অলোক শেঠৰ গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ আৰম্ভ কৰে। দুদিনীয়া প্ৰতিবাদৰ অন্তত দেওবাৰে সেনাৰ ব্ৰিগডিয়াৰ মি: অৰোৰা , ২২নং আছাম ৰাইফলছৰ চেক্টৰ কামাণ্ডাৰ, মণিপুৰ আৰক্ষী এডিজিপি আৰু কুকি ইংপী সংগঠনৰ মাজত অনুষ্ঠিত হোৱা ত্ৰিপাক্ষীক বৈঠকত ভুক্তভূগী পৰিয়ালটোক ১০ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদানৰ সন্মতি প্ৰকাশ কৰে অসম ৰাইফলছে।

ইফালে নিৰীহ যুৱকজনৰ হত্যাৰ বিৰুদ্ধে চলা প্ৰতিবাদৰ পিছতে কাঙপকপী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে মেজৰ অলোক শেঠক গ্ৰেপ্তাৰ কৰে। শনিবাৰে বিয়পি পৰা হিংসাত্মক ঘটনা, সেনা চকী আক্ৰমন আৰু এগৰাকী নিৰীহক আছাম ৰাইফলছে গুলীওৱা ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে সেনা কাৰ্যালয়ে ।