মণিপুৰৰ ঘটনাৰ বিৰুদ্ধে ডিব্ৰুগড়ত প্ৰতিবাদ

153

মণিপুৰৰ ঘটনাৰ বিৰুদ্ধে ডিব্ৰুগড়ত প্ৰতিবাদ।মণিপুৰৰ বীভৎস কাণ্ডই জোকাৰিছে বিশ্বক। মণিপুৰৰ দুগৰাকী মহিলাক বিবস্ত্ৰ কৰি যৌন আতিশাৰ্য চলোৱা বীভৎস ঘটনাৰ বিৰুদ্ধে ডিব্ৰুগড়ত প্ৰতিবাদ। বিশিষ্ট ঔপন্যাসিক জুৰি বৰা বৰগোহাঞি, প্ৰগতিশীল নাৰিবাদী নেত্ৰী অৰ্পনা বৰা, বিচিত্ৰা খাৰঘৰীয়াৰ নেতৃত্বত প্ৰতিবাদ। মণিপুৰৰ এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দি কয়, নাৰী সুৰক্ষা প্ৰথম চৰ্ত। উত্তৰ-পূব ভাৰতৰ নাৰীৰ এই অৱস্থাই আমাক শংকিত কৰিছে। আমি সকলো নাৰীৰ নিৰাপত্তাৰ দাবী কৰিছোঁ। তদুপৰি অশান্ত মণিপুৰক শান্তিৰ পৰিৱেশ উভতাই অনাৰ বাবে দাবী জনাইছে।