মণিপুৰৰ আলোচনাৰ দাবীৰে ৰাজ্যসভাত উত্তপ্ত পৰিস্থিতি! TMCৰ সাংসদ ডেৰেক অ’ব্ৰাইনক বৰ্ষাকালীন অধিৱেশনৰ বাকী সময়ছোৱাৰ বাবে নিলম্বন

133

ৰাজ্যসভাৰ টিএমচিৰ সাংসদ ডেৰেক অ’ব্ৰাইনক মঙলবাৰে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পৰা নিলম্বন কৰে অধ্যক্ষ জগদীপ ধনখৰে। সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ বাকী সময়ছোৱাৰ বাবে নিলম্বন কৰা হৈছে ডেৰেক অ’ব্ৰাইনক। অধিৱেশনত ৰাজ্যসভাত এয়া দ্বিতীয়টো নিলম্বন। ইয়াৰ পূৰ্বে আপৰ সাংসদ সঞ্জয় সিঙক সংসদৰ অধিৱেশনৰ বাকী সময়ছোৱাৰ বাবে নিলম্বন কৰিছিল জগদীপ ধনখৰে।

সদনৰ নেতা পীয়ুষ গোৱেলে “সদনৰ কাৰ্য্যবিধি অবিৰতভাৱে বিঘ্নিত কৰা, অধ্যক্ষৰ অমান্য কৰা আৰু সদনত অহৰহ অশান্তিৰ সৃষ্টি কৰাৰ বাবে” ডেৰেক অ’ব্ৰাইনক নিলম্বনৰ বাবে প্ৰস্তাৱ আগবঢ়ায়।

ৰাজ্যসভাত উত্তপ্ত পৰিৱেশৰ আৰম্ভ হয় টিএমচিৰ সাংসদ ডেৰেক অ’ব্ৰাইনে নিজৰ আসনৰ পৰা উঠি কয় যে বিৰোধীৰ নেতাইও মণিপুৰক লৈ বিতৰ্কৰ বাবে অনুৰোধ কৰি আহিছে। তাৰ পিছত ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰে তেওঁক অবিৰতভাৱে “বহক” বুলি কোৱাৰ পিছত পীয়ুষ গোৱেলে ডেৰেক অ’ব্ৰাইনক “অশান্ত আচৰণ”ৰ উল্লেখ কৰি নিলম্বনৰ বাবে প্ৰস্তাৱ আগবঢ়োৱাৰ পিছত। ইয়াৰ পিছতে ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰে অ’ব্ৰাইনক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰে।

এই বৰ্ষাকালীন অধিৱেশনত দ্বিতীয়বাৰৰ বাবে ৰাজ্যসভাত এজন সাংসদক নিলম্বন কৰিছে অধ্যক্ষ জগদীপ ধনখৰে। টিএমচিৰ সাংসদ ডেৰেক অ’ব্ৰাইনৰ পূৰ্বে আপৰ সাংসদ সঞ্জয় সিঙক অশান্ত আচৰণৰ বাবে অধ্যক্ষই নিলম্বন কৰিছিল। সঞ্জয় সিঙে মণিপুৰ হিংসা বিষয়ত সদনত সেই আলোচনা অনুষ্ঠিত কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰ সন্দৰ্ভত বিবৃতি প্ৰকাশ কৰিবলৈও দাবী জনাইছিল।

ইয়াৰ পূৰ্বে লোকসভাৰ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে সংসদৰ বৰ্ষাকালীন অধিৱেশনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিল কৰিছিল। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰি অনাস্থা প্ৰস্তাৱ দাখিল কৰাৰ বাবে ৮,৯ আৰু ১০ আগষ্টৰ দিন নিৰ্ধাৰণ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ আগষ্টত সংসদত ভাষণ দিয়াৰ সম্ভাৱনা আছে বুলি বাতৰি প্ৰকাশ পাইছে।