মণিপুৰত ৫ কোটিতকৈও অধিক টকা মূল্যৰ ড্ৰাগছসহ এজনক আটক…

2855

মণিপুৰৰ ইম্ফলৰ শুল্ক বিভাগৰ এণ্টি-স্মাগলিং ইউনিটৰ এটা দলে যোৱা শুকুৰবাৰে অভিযান চলাই ৫ কোটি টকাতকৈ অধিক মূল্যৰ ৫.৩৮ কিলোগ্ৰাম ওজনৰ বৃহৎ পৰিমাণৰ ডব্লিউ ৱাই টেবলেট জব্দ কৰে।

বিষ্ণুপুৰৰ কোৱাকটা বজাৰৰ সমীপত ৩২ বছৰীয়া এজন যুৱকৰ পৰা এই ড্ৰাগছ জব্দ কৰে।

সেনাপতিৰ পাংগেই ইয়াংডং খামেনলকৰ আইগেজাং গাঁৱৰ হেমিনলাল টৌথাং পিতৃ দৌখলুন টৌথাংৰ হাতত ৫৪,৪০০ ডব্লিউ ৱাই টেবলেট আছিল।

ইম্ফলৰ শুল্ক বিভাগৰ উপ আয়ুক্তৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি হেমিনলাল টৌথাঙে অবৈধ ড্ৰাগছ পৰিবহণ কৰিবলৈ ব্যৱহাৰ কৰা এখন হোণ্ডা এক্টিভা ৬জি গাড়ীও জব্দ কৰা হৈছে।

লগতে জব্দ কৰা ড্ৰাগছৰ উপৰিও হেমিনলাল টৌথাংক গ্ৰেপ্তাৰ কৰা হৈছে বুলিও উল্লেখ কৰা হৈছে।