মণিপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ৰাজ্যখনত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, চমুকৈ CRPFৰ এগৰাকী জোৱানে নিজ শিবিৰৰ ভিতৰতে নিৰ্বিচাৰ গুলীচালনা কৰাৰ ফলত প্ৰাণ হেৰুৱাইছে দুই সতীৰ্থ জোৱানে। এই ঘটনাত লগতে আঠজন জোৱান আহত হৈছে। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত কৰাৰ পিছত গুলীচালনা কৰা জোৱানজনে নিজেও আত্মহত্যা কৰে।এই চাঞ্চল্যকৰ ঘটনা সংঘটিত কৰাৰ পিছত গুলীচালনা কৰা জোৱানজনে নিজেও আত্মহত্যা কৰে। ইম্ফল পশ্চিম জিলাৰ লামফেলত থকা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ শিবিৰত প্ৰায় ৮.২০ বজাত সংঘটিত হয় এই ঘটনা।