বৰ্তমানো অব্যাহত আছে চুবুৰীয়া ৰাজ্য মণিপুৰৰ হিংসাত্মক পৰিস্থিতি।
ৰাজ্যখনত অব্যাহত থকা হিংসাত্মক পৰিস্থিতিৰ মাজতে মঙলবাৰে পুৱা কাকচিঙত সংঘটিত প্ৰচণ্ড গুলীচালনাত নিহত হয় সীমান্ত সুৰক্ষা বাহিনীৰ এগৰাকী কনিষ্টবল।
নিহত কনিষ্টবলগৰাকীৰ পৰিচয় ৰঞ্জিত যাদৱ বুলি জানিব পৰা গৈছে।
বিএছএফৰ মুখপাত্ৰই সদৰী কৰা মতে, সোমবাৰে নিশা কুকি দুষ্কৃতিকাৰীৰ প্ৰচণ্ড গুলীবৰ্ষণত আঘাতপ্ৰাপ্ত হৈছিল কনিষ্টবল ৰঞ্জিত যাদৱ।
লগে লগে তেওঁক কাকচিঙৰ লাইফ হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
বিএছএফে প্ৰকাশ কৰা মতে, চুগনুৰ চেৰৌ প্ৰেকটিকেল হাইস্কুলত নিয়োজিত বিএছএফ জোৱানৰ ওপৰত নিৰ্বিচাৰ গুলীবৰ্ষণ কৰিছিল সন্দেহযুক্ত কুকি উগ্ৰপন্থীয়ে।
সেনা বাহিনীৰ তথ্য অনুসৰি উগ্ৰপন্থীৰ আক্ৰমণত আন দুগৰাকী অসম ৰাইফলছৰ জোৱানো আহত হয়।
উল্লেখ্য যে, মণিপুৰত ৩ মে’ৰ পৰা সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ মাজতে মেইটেই সম্প্ৰদায়ৰ অনুসূচিত জনজাতি (এছ টি) মৰ্যাদাৰ দাবীৰ প্ৰতিবাদত পাহাৰীয়া জিলাসমূহত ‘জনজাতীয় সংহতি পদযাত্ৰা’ৰ আয়োজন কৰা হৈছিল।
আনফালে ৰাজ্যখনৰ হিংসাত্মক পৰিস্থিতি প্ৰতিৰোধৰ বাবে মণিপুৰ চৰকাৰে পুনৰ ৫ দিনলৈ ইণ্টাৰনেটত নিষেধাজ্ঞা বৃদ্ধি কৰিছে।
আনফালে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে ৰাজ্যখনৰ হিংসাৰ তদন্তৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ অজয় লাম্বাৰ নেতৃত্বত এখন তিনিজনীয়া তদন্ত সমিতি গঠন কৰি দিছে।
