মণিপুৰত অস্থিৰতা অব্যাহত আছে

59

মণিপুৰত অস্থিৰতা অব্যাহত আছে । উত্তৰ পূবৰ ৰাজ্যখনত পুনৰ এগৰাকী সাধাৰণ নাগৰিকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । আৰক্ষীয়ে মঙলবাৰে কোৱা মতে কাংপোকপি জিলাত দুটাকৈ সশস্ত্ৰ গোটৰ মাজত সংঘৰ্ষ হৈছিল । য’ত এগৰাকী ৪৬ বছৰীয়া মহিলা নিহত হয় । ঘটনাটো দেওবাৰে নিশা দূৰৱৰ্তী থাংবুহ গাঁৱত সংঘটিত হয় ।

ইয়াৰ লগে লগে শেহতীয়া হিংসাত্মক ঘটনাত ৰাজ্যখনত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি হৈছে আৰু ১২ৰো অধিক লোক আহত হৈছে । শেহতীয়া হিংসাত্মক ঘটনাবোৰত ড্ৰোণ আৰু মিছাইল আক্ৰমণ অন্তৰ্ভুক্ত আছে ।

আৰক্ষীয়ে জনোৱা মতে দুৰ্বৃত্তই গাঁওখনৰ কেইবাটাও ঘৰ জ্বলাই দিয়ে । যাৰ ফলত গাঁওবাসী অৰণ্যলৈ পলাই যায় । মৃত মহিলাগৰাকীক নেমজাখোল লুংদিম বুলি চিনাক্ত কৰা হৈছে । চুৰাচান্দপুৰ জিলা চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ অন্তত মহিলাগৰাকীৰ মৃতদেহ তেওঁৰ পৰিয়ালক হস্তান্তৰ কৰা হৈছে ।