মণিপুৰত অসম ৰাইফলছৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ, CO আৰু পৰিয়ালৰ দুই সদস্যসহ শ্বহীদ ৫ জোৱান

999

মণিপুৰত, অসম ৰাইফলছৰ এটা দলৰ ওপৰত আইডি আক্ৰমণৰ খবৰ পোহৰলৈ আহিছে। খবৰ অনুসৰি অসম ৰাইফলছৰ দলটোৰ ওপৰত সংঘটিত আকস্মিক আক্ৰমণত চিঅ’কে ধৰি পাঁচজন জোৱান শ্বহীদ হয়। আক্ৰমণটোত বিষয়াজনৰ পৰিয়ালৰ দুজন সদস্যৰো মৃত্যু ঘটা বুলি জানিব পৰা গৈছে।

এই আক্ৰমণ মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ সিংঘাটত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। অসম ৰাইফলছৰ কমাণ্ডিং অফিচাৰৰ কনভয়ত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছিল। কনভয়টোত কমাণ্ডিং অফিচাৰৰ পৰিয়ালৰ সদস্য আৰু কুইক একচন দলৰ সদস্যসকল উপস্থিত আছিল। সন্ত্ৰাসবাদী আক্ৰমণত তিনিজন জোৱান চিঅ’ৰ পৰিয়ালৰ দুজন সদস্য নিহত হয়। এই আক্ৰমণৰ আঁৰত মণিপুৰৰ পিপলছ লিবাৰেচন আৰ্মী জড়িত আছে বুলি সন্দেহ কৰা হৈছে 

ইফালে এই ঘটনাত দুখ প্ৰকাশ কৰি এক টুইটযোগে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, “মণিপুৰত অসম ৰাইফলছৰ কনভয়ত হোৱা কাপুৰুষোচিত আক্ৰমণ অত্যন্ত বেদনাদায়ক আৰু নিন্দনীয়। দেশখনে চি.অ’ আৰু তেওঁৰ পৰিয়ালৰ দুজন সদস্যকে ধৰি ৫ জন জোৱানক হেৰুৱাবলগীয়া হল।”

মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিঙে টুইট কৰি কয়, “৪৬ অসম ৰাইফলছৰ কনভয়ত হোৱা কাপুৰুষোচিত আক্ৰমণত চিঅ’ আৰু তেওঁৰ পৰিয়ালকে ধৰি কিছু ৫ জন জোৱানৰ মৃত্যুৰ বাতৰি অত্যন্ত বেদনাদায়ক। ৰাজ্যিক বাহিনী আৰু অৰ্ধসামৰিক বাহিনীয়ে ইতিমধ্যে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাই আছে। অপৰাধীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”

উল্লেখ্য যে, এই আক্ৰমণৰ আঁৰত জড়িত থকা মণিপুৰৰ পিপলছ লিবাৰেচন আৰ্মী ১৯৭৮ চনত গঠন কৰা হৈছিল। ভাৰত চৰকাৰে ইয়াক সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰিছে। মণিপুৰত, সংগঠনটোৱে অতীতত ভাৰতীয় সুৰক্ষা বাহিনীক প্ৰৱঞ্চনাৰে আক্ৰমণ কৰি আহিছে।