মটৰ চাইকেলত উঠি ২ নং ফাগুনাগাঁও গাওঁ পৰিদৰ্শন:বিমল বৰা

319

বিজনীত মন্ত্ৰী বিমল বৰা। মটৰ চাইকেলত উঠি ২ নং ফাগুনাগাঁও গাওঁ পৰিদৰ্শন কৰে।
বান শিবিৰ আৰু আই নৈৰ খহনীয়া পৰিদৰ্শন কৰি আজি জিলা উপায়ুক্তৰে হ’ব লগীয়া পৰ্যালোচনা সভাত ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ লোৱা হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।

আজি চিৰাং জিলাৰ বিজনীৰ ২ নং ফাগুনাগাঁওস্থিত বান শিবিৰ আৰু খুজৰাপগুৰীৰ আই নৈৰ মথাউৰী পৰিদৰ্শন কৰে ক্ৰীড়া আৰু যুৱ কল্যাণ আৰু সাংস্কৃতিক মন্ত্ৰালয়ৰ মন্ত্ৰী বিমল বৰা।মন্ত্ৰী গৰাকীয়ে শিবিৰত থকা বন্যাৰ্তৰ অভাৱ অভিযোগৰ খা খবৰ লোৱাৰ লগতে প্ৰায় বিশ দিন ধৰি ২ নং ফাগুনাগাঁও বৰ্মন পাৰাৰ ১২০ টাতকৈও অধিক পৰিয়াল শিবিৰত আৱদ্ধ হৈ থাকিব লগীয়া হোৱাত মন্ত্ৰী গৰাকীয়ে সমস্যা সমাধানৰ বাবে আজি চিৰাং জিলা উপায়ুক্তৰে হ’ব লগীয়া পৰ্যালোচনা সভাত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি জানিব দিয়ে। মন্ত্ৰী গৰাকীয়ে মটৰ চাইকেলত উঠি ২ নং ফাগুনাগাঁও বৰ্মন পাৰা গাওঁ পৰিদৰ্শন কৰে। মন্ত্ৰী পৰিদৰ্শন কালত ১নং আৰু ২নং ফাগুনাগাৱৰ কৃত্ৰিম বানপানীত প্লাবিত অঞ্চলৰ পৰা পানী নিস্কাশনৰ স্থায়ী ব্যৱস্থাৰ বাবে এখন স্মাৰক প্ৰত্ৰ প্ৰদান কৰে CPI(M)ৰ লোকেল কমিটিৰ পৰা মন্ত্ৰী বিমল বৰাক । পৰিভ্ৰমণ কালত বিজনীৰ বিধায়ক, জিলা উপায়ুক্ত, জিলা আৰক্ষী অধীক্ষক, চক্ৰ বিষয়া উপস্থিত থাকে।