মটক স্বায়ত্ব শাসিত পৰিষদত সদস্য নিয়োগ

111

মটক স্বায়ত্ব শাসিত পৰিষদলৈ সদস্য মনোনীত চাবুৱাৰ জ্যেষ্ঠ সাংবাদিক স্বৰূজ্যোতি চেতিয়াক বিদায় সম্বৰ্ধনা জনোৱা হয়। স্বায়ত্ব পৰিষদৰ ২৫ জনীয়া সমিতিত কাৰ্যবাহী কাউন্সিলৰ ৰূপে মনোনীত সাংবাদিকগৰাকীক চাবুৱাৰ কুন্দন হোটেলত সাংবাদিক অৰুণ বৰপাত্ৰগোঁহাইৰ পৌৰোহিত্যত অনুষ্ঠিত আৰু সাংবাদিক পুস্তক ফুকনে আঁতধৰা সভাত চাবুৱাৰ সাংবাদিকসকলৰ লগতে ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ কেইবাজনো সাংবাদিকৰ উপস্থিতিত শৰাই, গামোচা, চেলেং চাদৰেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উল্লেখ্য যে সাংবাদিক চেতিয়াই সুদীৰ্ঘ ২০ বছৰ সংবাদ জগতখনত সংবাদ সেৱা আগবঢ়াইছিল। প্ৰথমে নতুন দৈনিক, দৈনিক বাতৰি, নিউজ লাইভ আৰু শেহতীয়াকৈ ডি ৱাই ৩৬৫ আৰু অসমীয়া প্ৰতিদিন কাকতত সাংবাদিকতাৰ সেৱা কৰিছিল।