মঞ্জুৰ হল ৰিয়াৰ জামিন, কিন্তু…

73

ডিজিটেল ডেস্কঃ অৱশেষত জামিন লাভ কৰিলে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে। এক লাখ টকাৰ ব্যক্তিগত জামিন ৰাশিৰ বিনিময়ত বোম্বে উচ্চ ন্যায়ালয়ে বুধবাৰে জামিন মঞ্জুৰ কৰে ৰিয়া চক্ৰৱৰ্তীক। অৱশ্যে ৰিয়াৰ ভাতৃ সৌভিকৰ জামিন আবেদন নাকচ কৰিছে আদালতে।

ৰিয়াৰ জামিন মঞ্জুৰ কৰি আদালতে কয় যে জামিনৰ পিছত ৰিয়াই ১০ দিন থানাত নিজৰ উপস্থিতি দৰ্শাব লাগিব। আদালতৰ অনুমতি অবিহনে কোনো ভ্ৰমণ কৰিব নোৱাৰিব ৰিয়াই। ৰিয়াৰ পাছপ’ৰ্ট আদালতত জমা দিবলৈও নিৰ্দেশ দিয়া হৈছে। আনহাতে ৰিয়াই যদি গ্ৰেটাৰ মুম্বাই এৰিব বিচাৰে, তেন্তে তদন্তকাৰী বিষয়াক এই বিষয়ে অৱগত কৰিব লাগিব বুলিও নিৰ্দেশ দিয়ে আদালতে।

উল্লেখ্য যে, ড্ৰাগছ কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত নাৰ্ক’টিক কণ্ট্ৰ’ল ব্যুৰ’য়ে ৯ ছেপ্তেম্বৰত গ্ৰেপ্তাৰ কৰিছিল অভিনেত্ৰী ৰিয়া আৰু ভাতৃ সৌভিক চক্ৰৱৰ্তীক। ইফালে দুদিন পূৰ্বে ৰিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ ২০ অক্টোবৰলৈ বৃদ্ধি কৰিছিল এখন বিশেষ আদালতে।