মঞ্চত নাচি থাকোতেই হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু নৃত্যশিল্পীৰ

95

জম্মুৰ গণেশ উৎসৱ উপলক্ষ্যে অনুষ্ঠিত কৰা সাংস্কৃতিক অনুষ্ঠানত নাচি থকা অৱস্থাতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয় এগৰাকী নৃত্য শিল্পীয়ে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

জানিব পৰা মতে, জম্মুৰ বিছনাহ অঞ্চলত বুধবাৰে নিশা অনুষ্ঠিত হৈছিল সাংস্কৃতিক অনুষ্ঠান। এই অনুষ্ঠানত যোগেশ গুপ্তা নামৰ নৃত্য শিল্পীগৰাকীয়ে পাৰ্বতীৰ বেশত নৃত্য প্ৰদৰ্শন কৰি থকাৰ সময়তে হঠাৎ মঞ্চত ঢলি পৰে।

প্ৰথমাৱস্থাত দৰ্শকে সেয়া নৃত্যৰে অংশ বুলি ভাৱি হাত চাপৰিৰে সমৰ্থন জনালেও পিছত সকলোৱে জানিব পাৰে যে আচলতে হৃদৰোগত আক্ৰান্ত হৈহে এনেদৰে ঢলি পৰে নৃত্যশিল্পীগৰাকী।

লগে লগে তেওঁক হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

নাচি নাচিয়েই এনেদৰে এগৰাকী জনপ্ৰিয় নৃত্য শিল্পীয়ে মৃত্যুক আঁকোৱালি লোৱাৰ ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।