মঙ্গলদৈত চৰকাৰী কৰ্মচাৰী সকলৰ প্ৰতিবাদ

129

মঙ্গলদৈতো চৰকাৰী কৰ্মচাৰী সকলৰ প্ৰতিবাদ।

ইঞ্জিন ভাল হ’লেও চকা সুৰক্ষিত নহ’লে ইঞ্জিন ভালদৰে নচলে।

প্ৰশাসনৰ মূল চালিকা শক্তি কৰ্মচাৰী সকলক গুৰুত্ব প্ৰদান নকৰিলে চৰকাৰৰ কাম কাজ নচলে।
প্ৰবল বৰষুণকো নেওচি মঙলদৈত কৰ্মচাৰী সকলৰ প্ৰতিবাদ সাব্যস্ত কৰি এনেদৰে কয় NPS আঁচনিৰ অধিনৰ চৰকাৰী কৰ্মচাৰী সকলে।
কৰ্মচাৰী সকলে পুৰণি পেঞ্চন নীতি পুনৰ বাহালৰ দাবীতে সমগ্ৰ ৰাজ্যজুৰি এই প্ৰতিবাদ সাব্যস্ত কৰে।
NPS আঁচনি বাতিল কৰি OPS আঁচনি কাৰ্যকৰী কৰাৰ দাবী জনালে কৰ্মচাৰী সকলে।
মঙলদৈ ভূপেন হাজৰিকা উদ্যানৰ পৰা সমদল কৰি দৰঙৰ জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰেৰণ কৰে কৰ্মচাৰী সকলে।