মঙলবাৰে নিশা পৰেশ বৰুৱাৰ সৈতে শেষবাৰ কথা পাতিছিল হোমেন বৰগোঁহাঞিয়ে

85

দেহাৱসানৰ মাত্ৰ কেইটামান ঘণ্টা পূৰ্বে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সৈতে ফোনত কথা পাতিছিল বিশিষ্ট সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোঁহাঞিয়ে। এই কথা প্ৰকাশ কৰি বৰগোঁহাঞিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে পৰেশ বৰুৱাই।

দৰাচলতে সাহিত্যিক হোমেন বৰগোঁহাঞিৰ অসুস্থতাৰ পিছত অসংখ্য গুণমুগ্ধই তেওঁলৈ ফোন কৰি স্বাস্থ্যৰ বুজ লৈছিল। মঙলবাৰে নিশা আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱায়ো বৰগোঁহাঞিলৈ ফোন কৰি স্বাস্থ্যৰ বুজ লৈছিল। সেই সময়ত পৰেশ বৰুৱাক স্বাস্থ্যৰ অসুস্থতাৰ কথা জনাইছিল বিশিষ্ট সাহিত্যিকগৰাকীয়ে। লগতে কৈছিল- মই কেতিয়া গুঁচি যাম ঠিক নাই।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃত্তিত এই কথা প্ৰকাশ কৰি গভীৰ শোক প্ৰকাশ কৰিছে পৰেশ বৰুৱাই। উল্লেখ্য যে, আজি পুৱা জিএনআৰচি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোঁহাঞিয়ে। তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে গুণমুগ্ধসকলে।