মঙলদৈ চহৰৰ নিকটবৰ্তী 1নং গেৰিমাৰী গাঁৱত ভূ মাফিয়াৰ দপদপনি

97

মঙলদৈ চহৰৰ নিকটবৰ্তী 1নং গেৰিমাৰী গাঁৱত ভূ মাফিয়াৰ দপদপনিৰ অভিযোগ।
মোৱামাৰী গাওঁ পঞ্চায়তৰ শাসকীয় দলৰে পঞ্চায়তৰ সভাপতি, কাউন্সিলাক দেখা গ’ল ভূ মাফিয়া ৰূপত।
খোদ পঞ্চায়তৰ সভাপতি আৰু কাউন্সিলাৰৰ উপস্থিতিতে এদল মহিলাক লগত লৈ এটা দুখীয়া নিচলা অসহায় পৰিয়ালক ঘৰ দূৱাৰ ভাঙি উলিয়াই দিলে ঘৰৰ পৰা।
ভাঙি পেলালে ঘৰৰ বয় বস্তু,মেটেকাৰে ভড়া খালত দলিয়াই দিলে কন কন ছাত্ৰ ছাত্ৰীৰ কিতাপ,বহী স্কুলৰ বেগ।
উপায়হীন পৰিয়ালটোৱে কন কন শিশু দুটি লগত লৈ এতিয়া দিন কটাইছে মুকলি আকাশৰ তলত।
বন্ধ হৈ পৰিল কন কন ছাত্ৰ ছাত্ৰীৰো ভবিষ্যত।
এয়া মোৱামাৰী গাওঁ পঞ্চায়তৰ এলেকাৰ অমানৱীয় ঘটনা।
মাত্ৰ দুদিনমান আগতে মোৱামাৰী গাওঁ পঞ্চায়তৰ এলেকাৰে এগৰাকী বিশেষ ভাৱে সক্ষম ছাত্ৰীয়ে এটা থকা ঘৰৰ বাবে মূখ্যমন্ত্ৰীক আবেদন কৰিব লগা অৱস্থা হৈছিল।
আৰু তৎকালীন ভাৱে মূখ্যমন্ত্ৰীৰ নিৰ্দেশত এফালে খোদ পঞ্চায়তৰ সভাপতি গৰাকীয়ে প্ৰধানমন্ত্ৰী আভাস গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে আনফালে কিছু নিলগত সেই গৰাকী পঞ্চায়তৰ সভাপতি ৰেখা বিশ্বাস ৰ নিৰ্দেশতেই ভূ মাফিয়াই অসহায় মহিলাৰ ওপৰত চলালে তাণ্ডব।
অভিযোগ অনুসৰি সভাপতি গৰাকীকে এদল মহিলা লগত লৈ আহি অসহায় পৰিয়ালটিক নিজৰ ঘৰৰ পৰা জোৰ জৱৰদষ্টি কৰি উলিয়াই দি আন মানুহক যোৰ জৱৰদষ্টি কৰি সুমুৱাই দিয়ে।
যি সময়ত বি,জে,পি, দলে মানবতাৰ জয় গানৰ কথা কৈ জনতাৰ দৃষ্টি আকৰ্ষণ কৰিছে,
তেনে সময়তে এনেধৰণৰ কৰ্ম কাণ্ড ই কি ইংগিত বহন কৰিছে সেয়াহে লক্ষ্যনীয়।