মঙলদৈত আজিৰে পৰা ৰাষ্ট্ৰীয় বাণিজ্য মেলা

94

মঙলদৈত আজিৰে পৰা অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় বাণিজ্য মেলা। মঙলদৈৰ গান্ধী ময়দানত ২০ দিনীয়াকৈ অনুষ্ঠিত হ’বলগা এই বাণিজ্য মেলাখলৰ ফেব্ৰুৱাৰী মাহৰ ১০ তাৰিখে অন্ত পৰিব।

ৰাষ্ট্ৰীয় বাণিজ্য মেলাত ওচৰ চুবুৰীয়া ৰাজ্য মণিপুৰ, মিজোৰাম, নাগালেণ্ড, অৰুণাচল প্ৰদেশৰ লগতে অন্য ৰাজ্যসমূহৰ সামগ্ৰীৰ বিপনীৰ উপৰিও শিশুসকলৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে বিভিন্ন খেলা-ধূলাৰ ব্যৱস্থা কৰা হৈছে। বাণিজ্য মেলাত সকলোৰে উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে।