মই ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’লে কোনোপধ্যেই কাৰ্যকৰী হবলৈ নিদিও নাগৰিকত্ব সংশোধনী আইনঃ যশৱন্ত সিনহা

297

বিৰোধী দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী যশৱন্ত সিনহাই অসম ভ্ৰমণৰ সময়ত কয় যে তেওঁ নিৰ্বাচিত হ’লে নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী নহয়।

সিনহাই তেওঁৰ ভ্ৰমণ আৰু সাংসদসকলৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত কয় যে CAA খন বিজেপিয়ে কাৰ্যকৰী কৰিব নোৱাৰে কাৰণ ইয়াক খৰখেদাকৈ “মূৰ্খতাৰে খচৰা” প্ৰস্তুত কৰা হৈছিল।

তেওঁ কয় যে চৰকাৰে ‘কা’ কাৰ্যকৰী কৰিব নোৱাৰাৰ বাবে ক’ভিড-১৯ৰ অজুহাত দিছিল যদিও দৰাচলতে লৰালৰিকৈ মূৰ্খতাৰে আইনখন ৰচনা কৰাৰ বাবেই হৈছে৷

তেওঁ আৰু কয় যে সংবিধান কোনো বাহিৰৰ শক্তিৰ পৰা নহয়, ক্ষমতাত থকাসকলৰ পৰা বিপদত পৰিছে।

তেওঁ আৰু কয় যে যদি তেওঁ নিৰ্বাচনত জয়ী হয় তেন্তে তেওঁ যাতে CAA কাৰ্যকৰী নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব।

তেওঁ লগতে কয়, ‘ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰৰ বাবে ৰাজ্যৰ বিভিন্ন ৰাজধানী ভ্ৰমণৰ অংশ হিচাপে অসমত উপস্থিত হৈ মই অতি আনন্দিত হৈছো। আৰম্ভণিতে অসমত শেহতীয়াকৈ সংঘটিত হোৱা বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ প্ৰতি সহানুভূতি জ্ঞাপন কৰিছোঁ। এই পুনৰাবৃত্তিমূলক দুৰ্যোগে এক ফলপ্ৰসূ দীৰ্ঘম্যাদী সমাধানৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰিছে।”

‘সংযুক্ত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে মই এতিয়ালৈকে কেৰেলা, তামিলনাডু, ছত্তীশগড়, তেলেংগানা, কৰ্ণাটক, গুজৰাট, জম্মু-কাশ্মীৰ, ৰাজস্থান আৰু হাৰিয়ানা-পঞ্জাৱ ভ্ৰমণ কৰিছো। নিৰ্বাচনত মোৰ প্ৰাৰ্থীত্বৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ বাবে কংগ্ৰেছ, এ আই ইউ ডি এফ, টি এম চি, বাওঁপন্থী দল আদিৰ নেতা সকলক ধন্যবাদ জনাইছো। মই দুখ পাইছো যে, সময়ৰ অভাৱৰ বাবে মই উত্তৰ-পূবৰ আন ৰাজ্যসমূহ ভ্ৰমণ কৰিবলৈ অক্ষম হৈছো”, তেওঁ লগতে কয়।