মই নিৰ্দোষী! আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰি ক’লে ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল চেত্ৰীয়ে…

126

ডিব্ৰুগড়ঃ সোমবাৰে তিনিচুকীয়া জিলাৰ লেখাপানী থানাত আত্মসমৰ্পণ কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং গোচৰৰ মূল অভিযুক্ত ৰাহুল চেত্ৰীয়ে নিজকে নিৰ্দোষী বুলি দাবী কৰে।

যোৱা ২৭ নৱেম্বৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত ৰেগিং কাণ্ড পোহৰলৈ অহাৰ পিছৰে পৰা পলাতক হৈ আছিল চেত্ৰী।

উল্লেখ কৰিব পাৰি যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এম.কমৰ ছাত্ৰ আনন্দ শৰ্মাই নিজৰ চিনিয়ৰসকলে কৰা কথিত ৰেগিঙৰ পৰা নিজকে ৰক্ষা কৰিবলৈ তেওঁ বাস কৰা হোষ্টেল ভৱনৰ দ্বিতীয় মহলাৰ পৰা জপিয়াই দিছিল।

গুৰুতৰভাৱ আঘাতপ্ৰাপ্ত আনন্দৰ পিছত ডিব্ৰুগড়ত মেৰুদণ্ডৰ জটিল অস্ত্ৰোপচাৰ কৰা হয়। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে, ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানৰ হোষ্টেলত অবৈধ ৰেগিঙৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। তেওঁ আৰু আৰক্ষীক বিশ্ববিদ্যালয়ৰ ফালৰ পৰা হোৱা দোষসমূহ পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়ে।

ইফালে, বিশ্ববিদ্যালয়খনে ইতিমধ্যে এই ৰেগিং কাণ্ডৰ সৈতে জড়িত ১৮ জন ছাত্ৰ-ছাত্ৰীক বহিস্কাৰ কৰিছে।

এফআইআৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে এই ঘটনাৰ লগত জড়িত আন এজন ছাত্ৰকো আৰক্ষীয়ে আটক কৰি ৰাখিছে। অৱশ্যে মূল অভিযুক্ত ৰাহুল চেত্ৰী যি বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তেতিয়াও পলাতক হৈ আছিল।

এই ঘটনাৰ পৰিপ্ৰেক্ষিতত কেইবাজনো ছাত্ৰ-ছাত্ৰীয়ে দোষীৰ বিৰুদ্ধে ন্যায় আৰু কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীত বিশ্ববিদ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

ইয়াৰ পূৰ্বে জে বি আইন মহাবিদ্যালয়ৰ এল এল বি তৃতীয় ষান্মাসিকৰ ছাত্ৰ ৰাহুল চেত্ৰীক আইন মহাবিদ্যালয়ৰ শাসকীয় সংস্থাই বহিষ্কাৰ কৰিছিল।

ইফালে, চেত্ৰীয়ে নিজৰ পক্ষত থিয় দি কয় যে তেওঁক এই দুৰ্ভাগ্যজনক পৰিঘটনাটোত ফচোৱা হৈছে আৰু তেওঁ নিৰ্দোষী বুলি দাবী কৰে।