মই দেশৰ বাবে এনেদৰে প্ৰেমপত্ৰ লিখি থাকিম: বিতৰ্কক লৈ মুখ খুলিলে কমেডিয়ান বীৰ দাসে

174

ডিজিটেল ডেস্কঃ জনপ্ৰিয় অভিনেতা তথা কমেডিয়ান বীৰ দাসৰ “টু ইণ্ডিয়া” মনোলগক লৈ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে। বিশেষকৈ দেশৰ ৰাজনৈতিক মহলত বিষয়টোক লৈ চৰ্চা চলি থকাৰ সময়তে এইবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে বীৰ দাসে। এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দিয়া সাক্ষাৎকাৰত জনপ্ৰিয় কমেডিয়ান গৰাকীয়ে কয়, ‘এনেদৰেই মই দেশৰ বাবে প্ৰেম পত্ৰ লিখি থাকিম।”

তেওঁ কয় যে যেতিয়ালৈকে তেওঁ কমেডি শ্ব’ কৰি থাকিব, তেতিয়ালৈকে তেওঁ এনে সমল প্ৰস্তুত কৰি থাকিব। ‘মই মোৰ কাম কৰি আছো। ৰোৱাৰ কোনো প্ৰশ্নই নাই। মোৰ কাম হৈছে মানুহক হোঁহোওৱা। মই সেইটো কৰিম। যদি মোৰ সমল কাৰো বাবে ধেমেলীয়া যেন নালাগে, হাঁহিব নালাগে। সেইটোৱেই।” – বীৰ দাসে কয়।

উল্লেখ্য যে, কমেডিয়ান তথা অভিনেতা বীৰ দাস যোৱা এসপ্তাহ ধৰি বিতৰ্কৰ কেন্দ্ৰত আছে। তেওঁ অলপতে ৱাশ্বিংটনৰ কেনেডি চেণ্টাৰত এটা কমেডি শ্ব কৰিছিল। তাত তেওঁ মন্তব্য কৰিছিল- ‘মই দুখন ভাৰতৰ পৰা আহিছো’। অভিনেতা গৰাকীয়ে সেই অনুষ্ঠানৰ এটা ৬ মিনিট দৈৰ্ঘ্যৰ ভিডিঅ’ ইউটিউবত আপলোড কৰিছিল। ভিডিঅ’টো ভাইৰেল হৈ পৰে।

ভিডিঅ’ত বীৰে কয়, ‘মই এনে এখন ভাৰতৰ পৰা আহিছো য’ত মুখা পিন্ধা শিশুৱে ইজনে সিজনৰ সৈতে হাত ধৰে। তথাপিও, মই এনে এখন ভাৰতৰ পৰা আহিছোঁ য’ত নেতাসকলে মুখা অবিহনে ইজনে সিজনক আলিঙ্গন কৰে।’

বীৰৰ এই অনুষ্ঠানৰ পিছতে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত ভাৰতক অপমান কৰাৰ অভিযোগ তুলিছিল বিভিন্নজনে। যাৰ ভিতৰত আছে অভিনেত্ৰী কংগনা ৰানাৱটো। তাৰ পিছতে ৪২ বছৰীয়া শিল্পীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে তেওঁ কাকো আঘাত কৰিবলৈ এনে কোৱা নাছিল। কিন্তু যদি কাৰোবাৰ অনুভূতি আঘাত প্ৰাপ্ত হয়, ‘তেন্তে তেওঁৰ ভিডিঅ’ চাব নালাগে।

তেওঁৰ কথাত, ‘যেতিয়া গোটেই কোঠাটোৰ সকলো সদস্যই আপোনাৰ কামৰ পিছত হাঁহিব আৰু হাততালি দিব, তেওঁলোকে গৌৰৱান্বিত হ’ব। মোৰ মতে, যিসকল ভাৰতীয়ৰ হাস্যৰস আছে তেওঁলোকক আঘাত কৰা নহ’ব। যিসকলে চেটাইৰ কি বুজি পায় বা মোৰ কৌতুক নিয়মীয়াকৈ চায় তেওঁলোকৰ কোনো সমস্যা নহ’ব। যিসকলে সেইদিনা অনুষ্ঠানটো চাইছিল তেওঁলোকে মাত্ৰ হাঁহিছিল। তেওঁলোকে বিতৰ্কত অংশগ্ৰহণ কৰা নাই। কাৰণ তেওঁলোকে জানে মই সেইদিনা সেই কোঠাটোত কি কৈছিলো।’

তেওঁ লগতে কয়, ‘এজন শিল্পী হিচাপে মই বিভিন্ন প্ৰতিক্ৰিয়া লাভ কৰোঁ। মই এইবাৰো পাইছো। কিন্তু লাখ লাখ মানুহে মোক আৰু মোৰ অনুষ্ঠানটো ভাল পাইছে। সেয়াই বহুত।’