মই কোনো দুৰ্নীতি কৰা নাই! গ্ৰেপ্তাৰৰ সম্ভাৱনাৰ মাজতে নিজৰ স্থিতি স্পষ্ট দিল্লীৰ মুখ্যমন্ত্ৰীৰ…

484

মূৰৰ ওপৰত ওলমি ৰৈছে গ্ৰেপ্তাৰৰ তৰোৱাল। ভয়ত ত্ৰস্তমান তেওঁৰ গোটেই দলটো। কিন্তু অৰবিন্দ কেজৰিৱাল নিজৰ স্থিতিৰ প্ৰতি অটল। তেওঁৰ স্পষ্ট কথা, “মই কোনো দুৰ্নীতি কৰা নাই। বিজেপিয়ে লোকসভা নিৰ্বাচনৰ পূৰ্বে মোৰ সততাক কলংকিত কৰিব বিচাৰিছে।”

ইডিয়ে ইতিমধ্যে দিল্লী আবকাৰী দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়া আৰু সাংসদ সঞ্জয় সিঙক। আন এজন মন্ত্ৰী ৰাজকুমাৰ আনন্দৰ ঘৰত তালাচী চলোৱা হয়। ইণ্ডিয়া মিত্ৰজোঁটৰ কাৰ্যকলাপৰ মাজতে অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ সম্ভাৱনাই আপৰ ভিতৰত আলোড়নৰ সৃষ্টি কৰিছে।

অৱশ্যে কেজৰিৱালে কয়, ‘মই কোনো দুৰ্নীতি কৰা নাই। দুৰ্নীতি হ’লে সেই কোটি কোটি টকা ক’লৈ গ’ল?” আপ ছুপ্ৰেমোৱে কয়, “মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদ হ’ল মোৰ সততা। সেই সততাৰ ওপৰত বিজেপিয়ে দাগ লগাব বিচাৰিছে। মোক ভিত্তিহীন গোচৰত জড়িত কৰিবলৈ চেষ্টা কৰিছে। মিছা গোচৰত আপৰ নেতা-মন্ত্ৰীকো জড়িত কৰা হৈছে।” লোকসভাৰ প্ৰচাৰ নষ্ট কৰিবলৈ বিজেপিয়ে তেওঁক গ্ৰেপ্তাৰ কৰাৰ পৰিকল্পনা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে।

বুধবাৰে আবকাৰী দুৰ্নীতিৰ গোচৰত তৃতীয়বাৰৰ বাবে কেজৰিৱালক চমন কৰা হয়। সেই চমনকো আওকাণ কৰিলে আপৰ চুপ্ৰেমোজনে। ইয়াৰ পূৰ্বে ২ নৱেম্বৰ আৰু ২১ ডিচেম্বৰত ইডিৰ চমনৰ কোনো উত্তৰ দিয়া নাছিল কেজৰিৱালে। ইয়াৰ পিছত ২২ ডিচেম্বৰত পুনৰ তেওঁক এখন জাননী প্ৰেৰণ কৰা হয়। সেই চমনো আওকাণ কৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। নিয়ম অনুসৰি কোনোবাই যদি একেৰাহে তিনিবাৰকৈ চমন আওকাণ কৰে তেন্তে তেওঁক তদন্তকাৰী সংস্থাই গ্ৰেপ্তাৰ কৰিব পাৰে। আকৌ উচ্চতম ন্যায়ালয়ত আগজাননীমূলক জামিনৰ বাবে আবেদন কৰা নাছিল। ফলত এই মুহূৰ্তত কেজৰিৱালৰ কোনো সুৰক্ষা নাই। কিন্তু সূত্ৰ অনুসৰি ইডিয়ে এতিয়া কেজৰিৱালক গ্ৰেপ্তাৰ কৰিবলৈ বিচৰা নাই। চতুৰ্থবাৰৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰীক মাতি অনাৰ প্ৰস্তুতি চলি আছে।