পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বাবে অতি গুৰুত্বপূৰ্ণ ভৱানীপুৰ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত বৃহৎ ব্যৱধানত জয়লাভ কৰিছে। দেওবাৰে প্ৰকাশিত নিৰ্বাচনী ফলাফল অনুসৰি, বেনাৰ্জীয়ে বিজেপি প্ৰাৰ্থী প্ৰিয়ংকা টিব্ৰুৱেলক ৫৫,৮৩২ টা ভোটৰ অভিলেখ ব্যৱধানত পৰাস্ত কৰে। মমতা বেনাৰ্জীয়ে এই বছৰৰ বিধানসভা নিৰ্বাচনত নন্দীগ্ৰাম আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু, তেওঁ বিজেপিৰ শুভেন্দু অধিকাৰীৰ হাতত পৰাজিত হৈছিল।
অৱশ্যে, বেনাৰ্জীৰ দল তৃণমূল কংগ্ৰেছে বিধানসভা নিৰ্বাচনত বৃহৎ জয় সাব্যস্ত কৰিছিল। তাৰ পিছত মমতা বেনাৰ্জীয়ে মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰে যদিও উপ নিৰ্বাচনত তেওঁ জয়লাভ কৰাটো অতি প্ৰয়োজনীয় আছিল। এতিয়া, উপ নিৰ্বাচনত তেওঁৰ বিজয়ৰ সৈতে বংগত নিজৰ চৰকাৰ সুদৃঢ় কৰিলে। উল্লেখ্য যে, মমতা বেনাৰ্জীয়ে ইয়াৰ পূৰ্বেও দুবাৰকৈ ভৱানীপুৰ সমষ্টিৰ পৰা জয়লাভ কৰিছিল যদিও এইবাৰ অভিলেখ ভোটৰ ব্যৱধানত তেওঁ জয়লাভ কৰে।
জয়লাভ কৰাৰ পিছত মমতা বেনাৰ্জীয়ে কয়, “মই ভৱানীপুৰ বিধানসভা উপ-নিৰ্বাচনত ৫৮,৮৩২ টা ভোটৰ ব্যৱধানত জয়ী হৈছো আৰু আমাৰ দলে বিধানসভা সমষ্টিৰ প্ৰতিটো ৱাৰ্ডত জয়লাভ কৰিছে।” তেওঁ কয়, “ইয়াত (ভৱানীপুৰত) প্ৰায় ৪৬ শতাংশ লোক অ-বাঙালী। তেওঁলোক সকলোৱে মোক ভোট দিছে।” জয়লাভৰ পিছত তেওঁ ভৱানীপুৰ বাসী আৰু নিৰ্বাচন আয়োগক ধন্যবাদ জনায়।
আনহাতে ফলাফল ঘোষণাৰ পিছত কেন্দ্ৰৰ বিজেপি চৰকাৰকো লক্ষ্য কৰি লয় দিদিয়ে। তেওঁ কয়, “বংগত নিৰ্বাচন আৰম্ভ হোৱাৰ পিছৰে পৰা কেন্দ্ৰীয় চৰকাৰে আমাক ক্ষমতাৰ পৰা উৎখাত কৰাৰ ষড়যন্ত্ৰ কৰি আহিছে। মোৰ ভৰিত আঘাত লাগিছিল যাতে মই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নোৱাৰো। আমাৰ পক্ষত ভোট দিয়াৰ বাবে মই জনসাধাৰণৰ ওচৰত কৃতজ্ঞ। ছয় মাহত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে মই নিৰ্বাচন আয়োগক ধন্যবাদ জনাইছো।”
ইফালে ভৱানীপুৰ সমষ্টিৰ মমতা বেনাৰ্জীৰ প্ৰতিদ্বন্দী বিজেপি প্ৰাৰ্থী প্ৰিয়ংকা টিব্ৰুৱেলে নিজকে ভৱানীপুৰ উপ-নিৰ্বাচনত ‘মেন অৱ দ্য মেচ’ বুলি অভিহিত কৰিছে। নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি টিব্ৰুৱেলে তেওঁৰ পৰাজয় স্বীকাৰ কৰি কয়, “মই খেলৰ মেন অৱ দ্য মেচ কাৰণ মই মমতা বেনাৰ্জীৰ দুৰ্গত প্ৰতিদ্বন্দিতা কৰিছিলো আৰু তথাপিও ২৫,০০০ তকৈও অধিক ভোট লাভ কৰিছিলো। মই মানুহৰ বাবে কাম কৰি যাম।”