ভয়ংকৰ পথ দুৰ্ঘটনাত শিশুসহ মৃত্যু ৫ গৰাকী মহিলাৰ…

117

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ জিলাৰ হাণ্ডিয়া থানা এলেকাৰ এটা ঘাইপথত বৃহস্পতিবাৰে পুৱা এখন বাহনখন খুঁটাত খুন্দা মৰাৰ ফলত চাৰিগৰাকী মহিলা আৰু এটি শিশু নিহত হোৱাৰ লগতে ৫ জন লোক আহত হয়।

হাণ্ডিয়াৰ চক্ৰ বিষয়া সুধীৰ কুমাৰে জনোৱা মতে, শিশুৰ ‘মুণ্ডন’ অনুষ্ঠানৰ বাবে বিন্ধ্যাচললৈ গৈ থকা অৱস্থাত এই ঘটনা সংঘটিত হয়।

আনহাতে ৫ জন লোকৰ থিতাতে নিহত হোৱাৰ বিপৰীতে আন ৫ জন লোকক আহত অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলিও তেওঁ কয়।

মৃত লোক কেইজন ৰেখা দেৱী (৪৫), কৃষ্ণ দেৱী (৭০), সবিতা (৩৬), ৰেখা (৩২) আৰু ওজাছ (ডেৰ বছৰীয়া) বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাটোক লৈ শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মৃতকৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

তদুপৰি জিলা দণ্ডাধীশৰ লগতে জিলাখনৰ অন্যান্য শীৰ্ষ বিষয়াসকলক অতি সোনকালে সেই স্থানত উপস্থিত হৈ আহতসকলৰ উপযুক্ত চিকিৎসা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।